ETV Bharat / state

টেট কেলেংকাৰীৰ তদন্ত কৰিবলৈ নগাঁৱত চি আই ডিৰ দল

টেট কেলেংকাৰীৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হয় অপৰাধ অনুসন্ধান শাখাৰ দল । কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰা অধ্যাপক ড৹ জেহেৰুল ইছলাম কৰ্মৰত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুসন্ধান চলাই অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে ৷

CID team in Nagaon to investigation of TET scam
টেট কেলেংকাৰীৰ তদন্ত কৰিবলৈ নগাঁৱত চি আই ডিৰ দল
author img

By

Published : Oct 11, 2021, 8:40 PM IST

নগাঁও, 11 অক্টোবৰ : টেট কেলেংকাৰীৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হয় অপৰাধ অনুসন্ধান শাখাৰ দল । কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰা অধ্যাপক ড৹ জেহেৰুল ইছলাম কৰ্মৰত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুসন্ধান চলাই অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে ৷

চি আই ডিয়ে সোমবাৰে ডঃ ইছলামৰ নগাঁও চহৰৰ বাসগৃহতো অভিযান চলাই বুলি জানিব পৰা গৈছে । এটা সূত্ৰৰ পৰা জানিব পৰা মতে, চি আই ডি য়ে ড৹ ইছলামৰ সম্পত্তি, তেওঁৰ আয়, তেওঁ সময়মতে আয় কৰ পৰিশোধ কৰি আছেনে নাই আদি বিষয় সমূহৰ সম্পৰ্কতো তথ্য বিচাৰি নগাঁৱত অভিযান চলাইছে ।

চি আই ডিৰ দলটো সহকাৰী অধ্যাপক ড৹ জেহিৰুল ইছলামৰ কৰ্মস্থলী আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়তো উপস্থিত হয় যদিও মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক কোনোধৰণৰ সোধাপোচা কৰা নাই বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, টেট উত্তীৰ্ণৰ জাল নথি-পত্ৰ যোগান ধৰাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা ইছলামুদ্দিন নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ড৹ জেহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: কাটিহাৰৰ পৰা গুৱাহাটীলৈ সম্পূৰ্ণ হ’ল ৰে’লপথৰ বৈদ্যুতিকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.