কলিয়াবৰ , 18 মে': কলিয়বৰ বিধানসভা সমষ্টিৰ সীমামূৰীয়া বৰঘূলীৰ চৰ-চাপৰিৰ এটা অঞ্চল ৷ ধৰ্মীয় সংখ্যালঘু লোকৰ বাসস্থান এই অঞ্চলটো ৷ অভাৱৰ মাজতো এক ঐশ্চৰ্যশালী জীৱন জীৱন যাপন কৰে এওঁলোকে ৷ অভাৱ-অভিযোগ পোৱা-নোপোৱাৰ মাজতে জীৱন পাৰ কৰিছে এজাক শিশুৱে ৷
বাৰিষাৰ বান, খহনীয়াৰ মাজতেই লালিত-পালিত হয় এই চৰ-চাপৰিৰ শিশু সকলৰ জীৱন ৷ ভেটি খহিলেও, বানত ঘৰ বুৰ গ'লেও বৰ লুইতৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক এই লোকসকলৰ ৷ সীমহীন অভাৱ-অভিযোগৰ মাজতেই পাৰ হয় তেওঁলোকৰ নৈপৰীয়া জীৱন ৷ বৰ লুইতৰ বুকুতেই সাতুৰি-নাদুৰি, পাৰতেই খেলি-ধূলি শিশুৰ পৰা কৈশোৰলৈ গতি কৰিছে এই শিশুসকলে ৷ লুইতৰ পাৰত পাতি থোৱা সৰু-বৰ চিপ জালবোৰ তেওঁলোকৰ খেলৰ লগৰী ৷ ইপিনে আবেলিৰ সময়খিনিত মাছ ধৰা লোকসকলৰ অনুপস্থিতিত নৈ পাৰখন যেম কণমানিজাকৰ ৰামৰাজ্যত পৰিণত হয় ৷ তেওঁলোকে লাগি যায় জাল বাবলৈ ৷ জালত উঠে সৰু-সৰু বৰলিয়া, ককিলা , তাৰ মাজতে আকৌ কেইটামান শিশুৱে নিজৰ সাঁতোৰৰ দক্ষতা প্ৰদৰ্শনত ব্যস্ত হৈ পৰে ৷ ইপিনে ছোৱালীহঁত নাৱত উঠি নিজ কথাত মচগুল ৷ কাষেৰে পাৰ হৈ যোৱা কাৰোলৈ ভ্ৰূক্ষেপ নাই তেওঁলোকৰ ৷ সুখৰ সঁফুৰা বুকুত লৈ নিজতে মগন এই শিশুসকল ৷