ETV Bharat / state

Child Rape in Nagaon: চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰি পেলাই থৈ গ'ল পুখুৰীৰ পাৰত

author img

By

Published : Dec 10, 2022, 5:04 PM IST

নগাঁৱৰ চামগুৰি শিৱস্থানৰ বৰৈজাৰণীত এটি চাৰি বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ (Child rape case in Nagaon)৷

Child allegedly Rape in Nagaon
Child Rape in Nagaon: চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰি পুখুৰীৰ পাৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ
চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰি পুখুৰীৰ পাৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ

নগাঁও, 10 ডিচেম্বৰ: নগাঁৱত জঘন্য ঘটনা সংঘটিত হৈছে (Crime case in Nagaon)৷ নগাঁৱৰ চামগুৰি শিৱস্থানৰ বৰৈজাৰণীত এটি চাৰি বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ (Child rape case in Nagaon)৷

ঘটনা অনুসৰি শুকুৰবাৰে বৰৈজাৰণী অঞ্চলত এখন সভা অনুষ্ঠিত হৈছিল (Nagaon crime case) ৷ সেই সভালৈকে জনৈক ৰহমান নামৰ এজন লোকে চাৰিবছৰীয়া শিশু এটাক নিজ চাইকেলত উঠাই লৈ ঘৰৰ লোকৰ অজ্ঞাতে সভালৈ লৈ গৈছিল (4 year girl allegedly rape) ৷ তাৰ পিছৰে শিশুটো ঘৰত বিচাৰি নাপাই পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দিনত তেওঁলোকে ইমান চিন্তা কৰি নাছিল যদিও নিশা পৰ্যন্ত ঘৰলৈ উভতি নহা দেখি পৰিয়ালৰ লোকে নিশাই শিশুটোক বিচাৰি গাঁৱলৈ ওলাই যায় (4 year child missing case in Nagaon)৷

লগতে পঢ়ক: Crime in Guwahati : বিয়াৰ প্ৰলোভন দি যুৱতীক যৌন নিৰ্যাতন চলোৱা প্ৰেমিকক আটক

প্ৰথমে তেওঁলোকে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তাৰ পিছতে স্থানীয় আৰক্ষীয়ে অভিযোগমৰ্মে পৰিয়ালৰ লোকৰ লগত শিশুটো বিচাৰি অভিযান চলায় (4 year girl missing in Nagaon) ৷ নিশা শিশুটোৰ কোনো সন্ধান নোপোৱাত পুৱা পুনৰ শিশুটো বিচাৰি চলাথ কৰে পৰিয়ালৰ লোকে ৷ অৱশেষত শনিবাৰে পুৱা শিশুটিক পাৰ্শ্বৱৰ্তী এখন গাঁৱৰ পুখুৰীৰ পাৰত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

শিশুটিক ৰহমান উপাধিৰ লোকজনে নিশা ধৰ্ষণ কৰি হাত ভৰি বান্ধি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ লগে লগে শিশুটিক উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্তক(Local police investigation) ।

লগতে পঢ়ক: Drugs seized: তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.