ETV Bharat / state

নগাঁও জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যৰ মুখ্য সচিবৰ

author img

By

Published : Jun 20, 2021, 10:22 AM IST

কৰ'ণা পৰিস্থিতিৰ বুজ ল'বলৈ আৰু অন্যান্য আঁচনি ৰূপায়ণৰ দিশসমূহ পৰ্যৱেক্ষণ কৰিবলৈ নগাঁও জিলাত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা । কৰ'ণা, বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনি ৰূপায়ণত গুৰুত্ব আৰোপ কৰে মুখ্য সচিব গৰাকীয়ে ।

Chief secretary
নগাঁও জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যৰ মুখ্য সচিবৰ

নগাঁও, 20 জুন : সমগ্ৰ ৰাজ্যতে অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । পূৰ্বতকৈ কিছু আক্ৰান্তৰ সংখ্যা হ্ৰাস হৈছে যদিও এতিয়াও বহু জিলাত প্ৰতিদিনে বহু লোক আক্ৰান্ত হৈ আছে । যাৰ বাবে এতিয়াও ৰাজ্য চৰকাৰে সান্ধ্য আইন(Night Curfue) সম্পূৰ্ণ শিথিল কৰিব পৰা নাই । তেনে সময়তে কৰ'ণা পৰিস্থিতিৰ বুজ ল'বলৈ আৰু অন্যান্য আঁচনি ৰূপায়ণৰ দিশসমূহ পৰ্যৱেক্ষণ কৰিবলৈ নগাঁও জিলাত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ।

জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ লগত বৈঠকত মিলিত হয় মুখ্য সচিব গৰাকী । তেওঁ প্ৰথমে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নগাঁও আৰু হোজাই জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়া সকলৰ পৰা জিলা দুখনত বৰ্তমান অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ(Social Welfare Department) পোষণ যোজনা (Poshan Yojana) আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ (PMMVY) কাৰ্যকাৰিতাৰ বুজ লোৱাৰ লগতে এই দুয়োখন আঁচনিৰ হিতাধিকাৰীসকলে ইয়াৰ সুবিধা যাতে নিয়াৰিকৈ লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ উপৰিও মুখ্য সচিব গৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগত বৰ্তমান জিলাখনৰ ক'ভিড পৰিস্থিতি আৰু বান দুৰ্যোগ ব্যৱস্থাপনাৰ বুজ লয় ।

জিলাখনত চলি থকা ক'ভিড মহামাৰীৰ টীকাকৰণৰ অভিযান আৰু চিকিৎসালয়সমূহত ক'ভিড আক্রান্ত ব্যক্তিৰ বাবে থকা বিচনাৰ লগতে অন্যান্য সা-সুবিধা সমূহৰ ওপৰত বুজ লয় মুখ্য সচিবে ।

বানপানীৰ সময়ত স্থাপন কৰা বান সাহাৰ্য শিবিৰসমূহ ক'ভিড (Covid) নিয়মাৱলী মানি আৰু শিশুৰ বাবে অনুকূল পৰিৱেশত স্থাপন কৰাত তেখেতে গুৰুত্ব আৰোপ কৰে । এই পৰ্যালোচনা সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত(সমাজ কল্যাণ), নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

ইয়াৰ পাছতেই মুখ্য সচিব গৰাকীয়ে নগাঁৱস্থিত শক্তি ভৱনত উপস্থিত হৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ(APDCL) বিষয়া বৰ্গৰ লগত আলোচনাত মিলিত হয় ।

লগতে পঢ়ক:গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.