চামগুৰি, 6 ফেব্ৰুৱাৰী : চামগুৰিৰ চাপানালাৰ ঐতিহাসিক চম্পাৱতী জলপ্ৰপাতত অনুষ্ঠিত মহাসপ্তমী কুণ্ড মেলা(Chapanala Champawati Kunda Mela) । ঐতিহ্যমণ্ডিত চাপানলাত হৰ্ষধ্বজ ৰজাৰ ৰাজত্বকালৰে পৰাই প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে এই মেলা ৷
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ পিছদিনা অতি উলহ-মালহেৰে উদযাপন কৰা হয় মহাসপ্তমী কুণ্ডমেলা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাৱেশত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিবেশৰ মাজত বহু পূৰ্বৰে পৰা এই বৃহৎ মেলা উদযাপিত হৈ আহিছে ৷ কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি(Covid Situation in Assam) তথা চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰ'টকলৰ বাবে চাপানালাৰ চম্পাৱতী জলপ্ৰপাতকেন্দ্ৰিক পূজাত পূৰ্বৰ দৰে নাই জাকজমকতা (Chapanala Champawati Kunda Mela) ৷
ক'ভিড প্ৰ'টকল ৰক্ষা কৰি মেলামুখীতাৰ বিপৰীতে পৰম্পৰাগতভাৱেহে এইবাৰ আয়োজন কৰা হয় এই পূজা ৷ যাৰবাবে প্ৰত্যেক বছৰৰ দৰে এইবাৰ মহাসপ্তমী কুণ্ডমেলাত নাই পূৰ্বৰ পৰিৱেশ, নাই দূৰদুৰণিৰ তীৰ্থযাত্ৰী তথা ভকত বৈষ্ণৱ । সম্পূৰ্ণ চৰকাৰী ক’ভিড প্ৰ'টকল ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় নিত্য নৈমিত্তিক কুণ্ডৰ পূজা পাৰ্বণ । লগতে সেই স্থানত যাতে অধিক জনসমাগম নহয় তাৰবাবে জিলা প্ৰশাসনে গ্ৰহণ কৰে বিশেষ ব্যৱস্থা ৷
লগতে পঢ়ক : ৰাজপথৰ মাজতে দাও দাও কৈ জ্বলিল এখন যাত্ৰীবাহী বাছ