বঢ়মপুৰ,24নৱেম্বৰঃ মঙলবাৰে ৰহা আৰু কামপুৰ ৰাজহচক্ৰৰ বানপীড়িত,খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰীয় বানপানী ক্ষতি সমীক্ষাৰ এটা দলে ৷ পুৱাই ভাৰত চৰকাৰৰ সহ-সচিব নৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে ৰহা সমষ্টিৰ কলং আৰু কপিলী নদীয়ে খহাই নিয়া ৰহা-চাপৰমুখ পথ তথা ৰহা-কামপুৰ পথৰ তিনিসুঁতি, বগলাজান, বাৰেগোগা, মাধৱপাৰা আদি পৰিদৰ্শন কৰাৰ লগতে বান বিধ্বস্ত চেঙাজান,ধৰমুখ আদি অঞ্চলো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।
ইপিনে,কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিনিধি দলটোক সহযোগিতা আগবঢ়াই নগাঁও জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে ৷ উল্লেখ যোগ্য যে, চলিত বৰ্ষত ৰহা সমষ্টিত কপিলী, বৰপানী, কলং আৰু তিতাইমাৰী নদীৰ বানে তথনচ কৰিছিল ৰহা সমষ্টিৰ 17খনকৈ পঞ্চায়ত ৷
লগতে পঢ়কঃ প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ