শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ স্মৃতি দিৱস পালন - শিল্পপ্ৰাণ চন্দ্ৰ ফুকন
কলিয়াবৰ শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত তথা কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত শিল্পপ্ৰাণ গৰাকীৰ বাসগৃহত নিৰ্মীয়মান অসম পৰ্যটনগৃহত স্মৃতি দিৱসভাগি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷
কলিয়াবৰ,27আগষ্টঃ সাংস্কৃতিক,সামাজিক,কৃষি,অৰ্থনীতিক শিল্পৰ ৰূপত গঢ় দিয়া শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আজি স্মৃতি দিৱস পালন কৰা হয় । কলিয়াবৰ শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত তথা কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত শিল্পপ্ৰাণ গৰাকীৰ বাসগৃহত নিৰ্মীয়মান অসম পৰ্যটকগৃহত স্মৃতি দিৱসভাগি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷
১৯০৯ চনৰ ২৭ আগষ্টত নগাঁৱত জন্মগ্ৰহণ কৰা সাতঘৰীয়া আহোমৰ বুঢ়াগোঁহাই পৰিয়ালৰ নাওবৈছা ফুকনৰ পৰিয়ালত জন্মগ্ৰহণ কৰা শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ কুঠৰীৰ নিজ বাসগৃহত ১৯৭১ চনৰ ২৭ আগষ্টত মৃত্যু হৈছিল ।
ইপিনে, আজি স্মৃতি অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় । গুণাৰাম বৰুৱাৰ প্ৰবন্ধ সংকলন 'ৰামধেনু'ৰ উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নবীন বৰঠাকুৰে, যুগল শইকীয়াৰ গ্ৰন্থ 'হেৰুৱা অতীতৰ সুবাস' উন্মোচন কৰে কলিয়াবৰ মহকুমাৰ অতিৰক্ত উপায়ুক্ত তথা মহকুমাধিপতি বিতোপন নেওগে আৰু সঙ্গীতা পূজাৰীৰ গ্ৰন্থ' কবিতা কুঞ্জ'ৰ উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ৷
আনহাতে, কালজয়ী ব্যক্তিগৰাকীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰে কলিয়াবৰ আছুৰ লগতে কলিয়াবৰ লেখিকা সমাৰোহ শাখা, আভা উপ-শাখা সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৷
লগতে পঢ়কঃপাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ