ETV Bharat / state

Jonmani Rabha death updates: জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল-ম’বাইল - Jonmani Rabha death investigation

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ কলিয়াবৰত উপস্থিত হোৱা CBI দলৰ হাতত পৰিছে এখন তেজ লগা ৰুমাল আৰু এটা ম’বাইল ফোন ৷ কাৰ আছিল ম’বাইল ফোনটো, সমগ্ৰ ঘটনাক এই ম’বাইলটোৱে অন্য গতি দিব নেকি ? তেজ লগা ৰুমালখন এতিয়াহে কেনেকৈ ওলাল ? ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা ৷

SI Jonmani Rabha
Jonmani Rabha death updates
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 6:47 PM IST

জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল

কলিয়াবৰ, 4 অক্টোবৰ: যোৱা ১৫ মে'ত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুমুখত পৰিছিল নে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক । চিবিআইৰ এটা বাৰজনীয়া তদন্তকাৰী দলে আজি পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময়ৰ বাবে পৰীক্ষা নিৰীক্ষা কৰে । সেই নিশা এখন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ' বাহনখনৰ । তাৰ পিচৰ যি ঘটনাক্ৰম, সেয়া সকলোৰেই জ্ঞাত ৷

জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি আছে CBI এ ৷ বুধবাৰে পুনৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ CBI ৰ দলটোৱে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত পুনৰ তেনে এখন কন্টেইনাৰ বাহন আৰু জোনমণি ৰাভাৰ এছপ্ৰেছ' বাহনৰ জৰিয়তে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত দুৰ্ঘটনাটো পুনৰ নাটকীয় ৰূপ দি বিভিন্ন সঁজুলিৰে পৰীক্ষা-নিৰীক্ষা কৰে ।

জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা তদন্তকাৰী দলটোৱে এখন তেজ লগা ৰুমাল আৰু এটা পৰিত্যক্ত ম’বাইল ফোন উদ্ধাৰ কৰিছে ৷ কিন্তু ম’বাইলটো কাৰ সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই ৷

তাৰ পাছতেই CBI দলটোৱে জখলাবন্ধা আৰক্ষী নিৱেশ চৌহদত থকা দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন পৰীক্ষা কৰে । চিবিআই দলটোৰ লগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হৈ জোনমণি ৰাভাক উদ্ধাৰ কৰা সহকাৰী আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰী উপস্থিত থাকে ।

লগতে পঢ়ক: SI Junmoni Rabha death case update:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে দুৰ্ঘটনাস্থলীত পুনৰ উপস্থিত CBI ৰ দল

কন্টেইনাৰখনৰ লগতে এছপ্ৰেছ' বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাটোৰ এনে পৰীক্ষণে অসমবাসীয়ে হত্যাকাণ্ড বুলি সন্দেহ কৰা ঘটনাটোৰ তদন্তত কিদৰে প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব ।

অৱশ্যে, জোনমণি ৰাভাৰ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি হোৱা বিভিন্ন আলোচনা-সমালোচনাৰ অন্তত তদন্ততৰ ভাৰ CID ৰ পৰা CBIক অৰ্পণ কৰিলেও তদন্তৰ গতি লেহেমীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চিত হৈছে ।

শেহতীয়াকৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'বেটী বচাও, বেটী পঢ়াও' শ্ল'গান দি থকা চৰকাৰখনে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ সন্দেহজনক মৃত্যুৰ কাৰণ চাৰে চাৰি মাহে তদন্ত কৰিও উলিয়াব নোৱাৰটো চৰম পৰিতাপৰ বিষয় ।

আনহাতে, মহা সমাৰোহেৰে অসম আৰক্ষী দিৱস পালন কৰা মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা বিভাগটোৱে মৃত্যুৰ ৰহস্য ফাদিল কৰিব নোৱাৰিলে এনে সমাৰোহৰ মূল্য ক'ত থাকিব বুলিও স্থানীয় লোক প্ৰশ্ন কৰে ।

লগতে পঢ়ক: Assam DGP urge to ULFA-I: আলফা (স্বাঃ)ৰ নিকৃষ্ট কাণ্ডক সৰ্বত্ৰে ধিক্কাৰ; দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ আহ্বান জি পি সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.