ETV Bharat / state

মন্ত্ৰী আমোলা নহয়, এইবাৰ ই-ৰিক্সা চালকলৈ চি বি আইৰ চমন ! - কংগ্ৰেছ চৰকাৰ

মন্ত্ৰী আমোলা অথবা ব্যৱসায়ীলৈ নহয় ! চি বি আইৰ চমন ই ৰিক্সা চালকলৈ ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত গ্ৰামোন্নয়ন বিভাগৰ এখন আঁচনিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সন্থা চি বি আই য়ে ।

নগাঁৱত চি বি আইৰ চমন জাৰি ই ৰিক্সা চালকলৈ
author img

By

Published : Sep 4, 2019, 7:40 PM IST

নগাঁও,4ছেপ্টেম্বৰ : কংগ্ৰেছ চৰকাৰৰ আঁচনিক লৈ এতিয়া বিপদত পৰিছে হিতাধিকাৰী । পোহৰলৈ আহিছে পূৰ্বৰ চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য । চি বি আইয়ে জাননী জাৰি কৰিছে প্ৰাক্তন গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিৰ বহু হিতাধিকাৰীলৈ । চাওক এক প্ৰতিবেদন.....

নগাঁৱত চি বি আইৰ চমন জাৰি ই ৰিক্সা চালকলৈ

নগাঁও,4ছেপ্টেম্বৰ : কংগ্ৰেছ চৰকাৰৰ আঁচনিক লৈ এতিয়া বিপদত পৰিছে হিতাধিকাৰী । পোহৰলৈ আহিছে পূৰ্বৰ চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য । চি বি আইয়ে জাননী জাৰি কৰিছে প্ৰাক্তন গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিৰ বহু হিতাধিকাৰীলৈ । চাওক এক প্ৰতিবেদন.....

নগাঁৱত চি বি আইৰ চমন জাৰি ই ৰিক্সা চালকলৈ
Intro:কংগ্ৰেছ চৰকাৰৰ আঁচনি লৈ এতিয়া বিপদত পৰিছে হিতাধিকাৰী। পোহৰলৈ আহিছে পূৰ্বৰ চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য। চি বি আইয়ে জাননী জাৰি কৰিছে প্ৰাক্তন গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিৰ বহু হিতাধিকাৰীলৈ।


Body:পোহৰলৈ আহিছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আঁচনিৰ সংঘটিত হোৱা এক কেলেংকাৰীৰ তথ্য। চৰকাৰী আঁচনি গ্ৰহণ কৰি এতিয়া বিপদত হিতাধিকাৰী। হিতাধিকাৰীলৈ চি বি আইৰ জাননী।
হয় পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে গ্ৰামোন্নয়ন বিভাগৰ এটা আঁচনিৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সন্থা চি বি আই য়ে। বিগত বিধানসভা নিৰ্বাচনৰ প্ৰকমহুৰ্তত সেই সময়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ বহু লোকক প্ৰদান কৰা হৈছিল ই ৰিক্সা। গ্ৰামোন্নয়ন বিভাগৰ এছ আই আৰ ডি ৰ অধীনত জীৱনজ্যোতি স্বনিয়োজন আঁচনিৰ অধীনত প্ৰদান কৰা হৈছিল ই ৰিক্সা। একাংশ হিতাধিকাৰীয়ে লাভ কৰিছিল ৰাজসাহায্যযুক্ত ঋণ। মাত্ৰ দহ হাজাৰ টকাৰ বিনিময়ত হিতাধিকাৰীয়ে লাভ কৰিছিল ই ৰিক্সা টেম্পু আদি। আঁচনিৰ চমকেৰে পাৰ হৈছিল নিৰ্বাচন। ই ৰিক্সা আৰু টেম্পু চলাই পৰিয়াল পোহপাল দি আহিছে বহু পৰিয়ালে। চৰকাৰী সুবিধা বুলি আঁচনি লৈ এতিয়া বিপদত পৰিছে বহু হিতাধিকাৰী। ২০১৬ চনৰ পূৰ্বেই আঁচনি লাভ কৰা হিতাধিকাৰীলৈ এতিয়া জাননী জাৰি কৰিছে কেন্দ্ৰীয় চোৰাং চোৱা সন্থা চি বি আই য়ে। চি বি আইৰ কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে হিতাধিকাৰীক। এনে জাননী লাভ কৰাৰ পিছতেই একাংশ হিতাধিকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
bite, হিতাধিকাৰী।
vo, আই ডি বি আই বেংকৰ নগাওঁ শাখাৰ জৰিয়তে প্ৰদান কৰা হৈছিল এই আঁচনি। শেহতীয়াকৈ বেংক কৰ্তৃপক্ষই চি বি আই টি তৰা গোচৰৰ ভিত্তিত চি বি আইয়ে গোচৰ ৰুজু কৰি জাননী জাৰি কৰিছে হিতাধিকাৰীলৈ।
bite, বেংকৰ সহ প্ৰবন্ধক।


Conclusion:চৰকাৰী আঁচনি বুলি আঁচনিৰ সুবিধা লৈ এতিয়া চি বি আইৰ জেৰাৰ সন্মুখীন হব লাগিব হিতাধিকাৰী। এতিয়া প্ৰশ্ন হয় নিৰ্বাচনৰ প্ৰকমহুৰ্তত হিতাধিকাৰীক প্ৰদান কৰা আঁচনি চৰকাৰী আছিল নে বেংক ঋণৰ সহায়ত প্ৰদান কৰা হৈছিল ভুৱা আঁচনি । চি বি আইৰ তদন্তৰ পিছতেই স্পষ্ট হব সকলো।
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৪-৯ -১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.