নগাঁও, ৰূপহীহাট, 30 নৱেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবাধ গৰু ছিণ্ডিকেট ৷ গৰুৰ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে নগাঁও আৰক্ষী । দেওবাৰে নিশা নগাঁৱৰ হয়বৰগাঁৱৰ পৰা হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা সজাতি দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অবৈধভাৱে গৰু সৰবৰাহ কৰা এখন বাহন ।
তেজপুৰৰ পৰা নগাঁও চহৰৰ মাজমজিয়াৰে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় গৰুভৰ্তি বাহনখন । আৰক্ষীয়ে সাতটাকৈ গৰুসহ বাহনখন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ।
ইফালে, নগাঁও আৰক্ষীয়েও ৰূপহীহাটত আৰক্ষীৰ সহযোগত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত আৰক্ষীয়ে ৰূপহী-নলতলী ৰাজ্যিক ঘাইপথৰ পৰা জব্দ কৰে ১৮ টা গৰু সহ এখন ট্ৰাক আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । নিশা তেজপুৰৰ ইটাখোলাৰ পৰা ৰূপহী অভিমুখে গৰু ভৰ্তি ট্ৰাক খন আহি আছিল বুলি সদৰি কৰিছে আৰক্ষীৰ সূত্ৰই । সৰবৰাহকাৰী ব্যৱহাৰ কৰা ট্ৰাকখনৰ নম্বৰ AS 01DC3393 ৷
লগতে পঢ়কঃঅগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যু : হত্যাৰ সন্দেহ