ETV Bharat / state

মধ্য অসমত কোনে নিয়ন্ত্ৰণ কৰিছে গৰুৰ চিণ্ডিকেট !

আৰক্ষীৰ জালত মধ্য অসমত চোৰাং গৰুৰ সৰবাহৰ নামত নিয়ন্ত্ৰণ চলোৱা অন্যতম অভিযুক্তকাৰী আমাৰুল ইছলাম ৷ আমাৰুল আৰক্ষীৰ জালত পৰাৰ পাচতেই চোৰাং গৰুৰ সৰবাৰহৰ ক্ষেত্ৰত পোহৰলৈ আহিছে ন-ন তথ্য ৷

author img

By

Published : Oct 23, 2019, 6:39 PM IST

মধ্য অসমত কোনে নিয়ন্ত্ৰণ কৰিছে গৰুৰ চিণ্ডিকেট

নগাঁও, 23 অক্টোবৰঃ ৰাজ্যত অব্যাহত চোৰাং গৰু সৰবৰাহৰ ৰমৰমীয়া ব্যৱসায় ৷ আৰক্ষী-সাংবাদিকক মেনেজ কৰাৰ নামত কাছাৰৰ কাটিগড়াৰ আমাৰুল ইছলাম চলাইছে চোৰাং গৰু সৰবাৰহৰ বিশাল সাম্ৰাজ্য ৷ আমাৰুল আৰু সহযোগী মাতাব উদ্দিন আৰক্ষীৰ জালত পৰাৰ পাচতেই পোহৰলৈ আহিছে গৰু চিণ্ডিকেটৰ এই ভয়াৱহ তথ্য

মধ্য অসমত কোনে নিয়ন্ত্ৰণ কৰিছে গৰুৰ চিণ্ডিকেট

মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷ ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮২ টাকৈ গৰু ৷ নগাঁৱৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে ট্ৰাকদুখনৰ চালক সহ 9 জনকৈ লোকক ৷ লগতে মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন চুইফ্ট ডিজায়াৰ বাহনসহ প্ৰায় চাৰিলাখ টকা জব্দ কৰে আৰক্ষীৰ দলটোৱে ৷

Intro:পোহৰলৈ আহিছে মধ্য অসমত চলি থকা গৰু ছিণ্ডিগেটৰ ভয়াৱহ তথ্য। আৰক্ষী, সাংবাদিকক মেনেজ কৰাৰ নামত কোনে চলাই আছে এই বৃহৎ ছিণ্ডিগেট। আৰক্ষী সাংবাদিকৰ নামত কোনে সংগ্ৰহ কৰে ধন। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

Body:মধ্য অসমত চলি আছে গৰুৰ বৃহৎ ছিণ্ডিগেট।
আৰক্ষী সাংবাদিকৰ নামতো সংগ্ৰহ কৰে ধন।
কোনে চলাই আছে এই বৃহৎ ছিণ্ডিগেট।
vo- প্ৰথমে মন কৰক এই যুৱকজনলৈ। এইজন কাছাৰৰ আমাৰুল ইছলাম। কাছাৰ জিলাৰ কাতিগঢ়াৰ এইজন আমাৰুলে দীৰ্ঘদিনৰ পৰাই নিয়ন্ত্ৰণ কৰি আহিছে মধ্য অসমৰ চোৰাং গৰুৰ বিশাল সাম্ৰাজ্য। নগাঁৱৰ পৰা মেঘালয় পৰ্য্যন্ত আৰক্ষী আৰু সাংবাদিক মেনেজ কৰাৰো দায়িত্ব লৈ আহিছে এইজন আমাৰুলে। আৰক্ষী আৰু সাংবাদিকৰ নামতো গৰু বেপাৰীৰ পৰা ধন লৈ গৰু সৰবৰাহ কৰি আহিছে এইজন আমাৰুলৰ নেতৃত্বাধীন এটা চক্ৰই। যিটো চক্ৰত জড়িত হৈ আছে কাছাৰ জিলাৰ একাংশ লোকৰ লগতে নগাঁৱৰ ৰূপহীহাটৰ কেইবাজনো লোক। নগাওঁ আৰক্ষীৰ তৎপৰতাত দীৰ্ঘদিন ধৰি মধ্য অসমৰ গৰু ছিণ্ডিগেটৰ নেতৃত্ব দি অহা আমাৰুল ইছলাম আৰু কাছাৰৰ মাতাব উদ্দিন জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে গৰু ছিণ্ডিগেটৰ এই ভয়াৱহ তথ্য।
bite- মানস শইকীয়া, উপ আৰক্ষী অধীক্ষক, নগাওঁ।
( বাইট ৰ শেষৰ অংশ কাটি লগাব। )
vo. গৰুৰ এক বিশাল ছিণ্ডিগেট চলি থকাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নগাওঁ আৰক্ষীয়ে মঙলবাৰে নিশাও অভিযান চলাই পুনৰ জব্দ কৰে গৰু ভৰ্তি দুখন ট্ৰাক। দুখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৮২ টা গৰু। নিশা নগাওঁ জিলা উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত আটক কৰে ট্ৰাক দুখনৰ চালক হেণ্ডিমেনসহ ব্যৱসায়টোৰে জড়িত মুঠ ৯ জন লোকক। গৰুৰ ছিণ্ডিগেটত চক্ৰটোৱে ব্যৱহাৰ কৰা মেঘালয়ৰ পঞ্জীয়নভূক্ত এইখন চুইফ্ট ডিজায়াৰ গাড়ীও জব্দ কৰাৰ লগতে জব্দ কৰে নগদ প্ৰায় চাৰি লাখ টকা। চক্ৰটোৰ সৈতে জড়িত নগাঁৱৰ ৰূপহীহাটৰ ছাইফুল ইছলাম আৰু উছমান গুণীকো আটক কৰি জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
bite- dsp

Conclusion:এতিয়া প্ৰশ্ন হয় কাছাৰৰ আমাৰুলে কাৰ সাহসত চলাই আহিছে গৰুৰ বিশাল সাম্ৰাজ্য। আমাৰুলৰ সৈতে জড়িত আছে নেকি কোনো প্ৰভাৱশালী ব্যক্তি। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত হয়তো পোহৰলৈ আহিব গৰু ছিণ্ডিগেটৰ আৰু বহু ভয়াৱহ তথ্য।
------------------------------------------------ ----- ------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৩-১০-১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.