চামগুৰি, ২৩ এপ্ৰিল: গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও অবৈধ ব্যৱসায়ীক নাকী লগাব পৰা নাই । এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰুৰ চোৰাং ব্যৱসায় অব্যাহত আছে । নগাঁৱত আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি দুখন ট্ৰাক ।
চামগুৰি আৰু বাগৰি আৰক্ষীয়ে যুটীয়া অভিযান চলাই ট্ৰাক দুখন জব্দ কৰে । জব্দকৃত এ এছ ২৩ বি চি ৫২৯৯ আৰু এ এছ ২৭ চি ৬৫৬৩ নম্বৰৰ ট্ৰাক দুখনত মুঠ ৫৩টা চোৰাং গৰু আছিল । প্ৰথমে বাগৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চোৰাং গৰু ভৰ্তি এখন ট্ৰাক বাগৰি অঞ্চলত জব্দ কৰিবলৈ সক্ষম হয় । আনখন ট্ৰাকে পলায়ন কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পলায়ন কৰা চোৰাং গৰু ভৰ্তি ট্ৰাকখনৰ পিছে পিছে বাগৰি আৰক্ষীও যায় । পিছত চামগুৰি আৰক্ষীৰ সহযোগত চামগুৰিৰ গেৰুৱা অঞ্চলত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বাগৰি আৰক্ষীয়ে ৷ অৱশ্যে, চালকসহ ট্ৰাকখনৰ হেণ্ডিমেনে পলায়ন কৰে বুলি আৰক্ষী সূত্রই প্ৰকাশ কৰিছে । দীৰ্ঘদিন ধৰি বৃহত্তৰ চামগুৰি অঞ্চলত সঘনাই চোৰাং গৰু সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ।