ETV Bharat / state

পথৰ দাঁতিত টুপীমূৰীয়া বান্দৰৰ ক্ৰীড়া

author img

By

Published : Jul 25, 2021, 1:48 PM IST

Updated : Jul 25, 2021, 3:51 PM IST

বুঢ়াপাহাৰ বনাঞ্চলত দাঁতিকাষৰত টুপীমূৰীয়া বান্দৰৰ এক নান্দনিক দৃশ্য ৷ যি দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আপোন মনে উমলি-জামলি ক্ৰীড়া কৰা দৃশ্যই মন মোহিত কৰিছে সকলোৰে ৷

Capped Langur at burhapahar
পথৰ দাঁতিতত টুপীমূৰীয়া বান্দৰৰ ক্ৰীড়া

কলিয়াবৰ, 25 জুলাই : উত্তৰ-পূৱ ভাৰতত সচৰাচৰ বহু জীৱ-জন্তুৱে দেখা পোৱা যায় ৷ তাৰে ভিতৰত এবিধ বান্দৰৰ প্ৰজাতি হৈছে টুপীমূৰীয়া বান্দৰ ৷ এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন আৰু ম্যানমাৰতো পোৱা যায় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kajiranga National Park) এই টুপীমূৰীয়া বান্দৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত টুপীমূৰীয়া বান্দৰে (capped langur) উমলি থকা এক নান্দনিক দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে ৷ দৰ্শনাৰ্থীৰ দৃষ্টিৰ পৰা দূৰৈত গঁড়-বাঘৰ মাজত নিৰৱে জীৱন-যাপন কৰিছে সহজ-সৰল এই টুপীমূৰীয়া বান্দৰৰ জাকে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত সচৰাচৰ দেখা টুপীমূৰীয়া এই বান্দৰৰ জাকটোক ৷

পথৰ দাঁতিত টুপীমূৰীয়া বান্দৰৰ ক্ৰীড়া

টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল । অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱ নহয় যদিও এই নিৰ্জু-লাজকুৰীয়া প্ৰাণীবিধৰ বাসস্থান দিক-দিনে নাইকীয়া হৈ আহিব ধৰিছে । সেয়ে, টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচীৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে ।

অসমৰ নিৰ্বাচিত ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলসমূহত এই প্ৰজাতিৰ বান্দৰ বিদ্যমান । অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো টুপীমূৰীয়া বান্দৰৰ সঘন উপস্থিতি দেখা পোৱা যায় । বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চলত এই প্ৰজাতিৰ বান্দৰৰ উপস্থিতি পোৱা যায় ।

মূৰত থকা ক'লা বা মটীয়া ৰঙৰ নোমবোৰ দেখিবলৈ টুপীৰ আকৃতিৰ । সেয়ে ইয়াক ইংৰাজীত ‘Capped Langur’ আৰু অসমীয়াত টুপীমূৰীয়া বান্দৰ বুলি কোৱা হয় । টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে ।

ই সাধাৰণতে এটা বা তাতোধিক মতা প্ৰাণী আৰু বহুতো মাইকী প্ৰাণীৰে গঠিত সৰু দলত বাস কৰে । এই প্ৰাণীবিধ মূলতঃ ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে । এই বন্য প্ৰণীবিধ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী সকলেও ৷

লগতে পঢ়ক: হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে

Last Updated : Jul 25, 2021, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.