ETV Bharat / state

Assam Police Recruitment: কেমেৰাৰ সন্মুখত বঞ্চিত পৰীক্ষাৰ্থীৰ হিয়াভগা কান্দোন

author img

By

Published : Jan 21, 2022, 5:40 PM IST

‘‘আমি কি কৰিম এতিয়া? আমাৰ কাৰণেতো চৰকাৰে কিবা এটা কৰক’’ ৷ এনেদৰেই এগৰাকী যুৱতীয়ে অন কেমেৰা হুকহুকাই কান্দিলে নগাঁৱত ৷ ২০১৮ বৰ্ষত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ব্যৱহাৰিক আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ কৰাৰ কথা কৈছিল যদিও পৰৱৰ্তী সময়ত তেনে কৰা ন'হল (Assam Police Constable Exam) । ফলত বয়সক লৈও হতাশাত ভুগিছে বঞ্চিত প্ৰাৰ্থীসকল ৷

Assam Police Recruitment
কেমেৰাৰ সন্মুখত বঞ্চিত পৰীক্ষাৰ্থীৰ হিয়াভগা কান্দোন

নগাঁও, 21 জানুৱাৰী: বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ পৰীক্ষা (Assam Police Constable Exam) । কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিভিন্ন জালিয়াতি হোৱাৰ গুৰুত্বৰ অভিযোগ কৰিছে নগাঁৱৰ একাংশ প্ৰাৰ্থীয়ে । অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ আবেদন প্ৰক্ৰিয়াত লিখিত পৰীক্ষাৰ বাবে গৃহ বিভাগে ব্যৱহাৰিক আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক মাতিব বুলি উল্লেখ আছিল যদিও পৰৱৰ্তী সময়ত তেনে কৰা নহ’ল (candidates deprives from written examination of Assam Police)।

২০১৮ আৰু ২০১৯ বর্ষত দুবাৰকৈ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ আবেদন হৈছিল (Assam Police Recruitment) । দুয়োবাৰতে কনিষ্টবলৰ প্ৰাৰ্থীৰ সংখ্যা অধিক হৈছিল, কিন্তু তাৰ বিপৰীতে পদৰ সংখ্যাৰ বৃদ্ধি ন'হল । কনিষ্টবলৰ পদৰ বাবে যোগ্যতা থকা প্ৰাৰ্থীক বঞ্চিত কৰি যোগ্যতা নথকা প্ৰাৰ্থীকহে লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ কৰা হৈছিল বুলি মন্তব্য কৰিলে লিখিত পৰীক্ষাৰ পৰা বঞ্চিত প্ৰাৰ্থী সকলে । ২০১৮ বর্ষত যিসকল প্ৰাৰ্থীয়ে শাৰীৰিক আৰু ব্যৱহাৰিক পৰীক্ষাত উত্তীণ হৈছিল, সেইসকল প্ৰাৰ্থীক ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ কৰিবলৈ গৃহ বিভাগক অনুৰোধ জনাইছে বঞ্চিত প্ৰাৰ্থীসকলে ।

আমি কি কৰিম এতিয়া? আমাৰ কাৰণেতো চৰকাৰে কিবা এটা কৰক

আনহাতে বয়সৰ কথা চিন্তা কৰি কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে লিখিত পৰীক্ষাৰ পৰা বঞ্চিত এগৰাকী যুৱতীয়ে । শুকুৰবাৰে নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ এইসকল অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাৰ পৰা বঞ্চিত প্ৰাৰ্থীয়ে দিলে বিভিন্ন শ্ল'গান (Candidates protest at Nagaon)।

উলেখ্য যে, এইসকল বঞ্চিত প্ৰাৰ্থীয়ে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষকৰ যোগেদি গৃহ বিভাগলৈ ম্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিব দিয়ে ।

লগতে পঢ়ক: Assam Police Constable Recruitment : কনিষ্টবলৰ নিযুক্তিক লৈ ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.