নগাঁও, 12 ডিচেম্বৰ : সম্পূৰ্ণ এটা বছৰ পাৰ হ'ল CAA গৃহীত হোৱাৰ ৷ CAA গৃহীত হোৱাৰ পাচতে বিগত বৰ্ষৰ 12 ডিচেম্বৰৰ দিনটোতে ৰাজ্যত জ্বলি উঠিছিল একুৰা প্ৰতিবাদী দাৱানল ৷ সেই দাৱানলে উদং কৰি নিছিল 5 গৰাকীকৈ প্ৰতিবাদী সত্বাৰ মাতৃৰ আঁচল ৷ কিন্তু ইমানৰ পাচতো নিৰ্বিকাৰ হৈ থাকিল শাসনৰ গাদীত অধিষ্ঠিত বহু লোক ৷ সম্পূৰ্ণ এবছৰৰ পাচত পুনৰ শক্তিশালী ৰূপত আৰম্ভ CAA বিৰোধী আন্দোলন ৷ নগাঁৱত ছাত্ৰ সন্থাৰ গণ হুংকাৰ, ছাত্ৰ মুক্তিৰ জনতাৰ গর্জন ৷
নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সমীপত ডবা, শংখ বজাই জাতিধ্বংসী হিচাপে অভিহিত আইন খনৰ বিৰুদ্ধে একপ্ৰকাৰ যেন যুদ্ধ ঘোষণা কৰিলে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে শনিবাৰে নগাঁৱত ছাত্ৰ সন্থাই ৰূপায়ন কৰিলে গণহুংকাৰ কাৰ্যসূচী ৷ কোনো কাৰণতে ৰাজ্যত এই আইন বলৱৎ হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গাত শ্বহীদৰ শাও লাগিব বুলি মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷
আনহাতে ছাত্ৰ সন্থাই ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰে প্ৰাক্তন নেতা তথা জ্যেষ্ঠ অগপ নেতা গিৰিন্দ্ৰ কুমাৰ বৰুৱাই ৷ তেওঁৰ মতে, এই আইনখন গৃহিত কৰি চৰকাৰে সংবিধানৰ প্ৰস্তাৱনাৰ সন্মান হানি কৰিছে ৷ নেতাগৰাকীয়ে কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখাৰো অভিযোগ উত্থাপন কৰে ৷
এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ শনিবাৰৰ দিনটোতে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁও চহৰৰ হয়বৰগাঁৱত মুণ্ডন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অখিল গগৈৰ ফটো সম্বলিত টি ছাৰ্ট পৰিধান কৰি কৃষক সংগঠনটোৰ নেতা কৰ্মীয়ে মুণ্ডনৰ পাচতেই প্ৰতিবাদী সমদল কৰি উপস্থিত হয় নগাঁও মহাবিদ্যালয়ৰ সমীপত ৷ নগাঁও মহাবিদ্যালয়ৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে জনতাৰ গর্জন কাৰ্যসূচী ৷ জনতাৰ গর্জন কাৰ্যসূচীত ৰাইজৰ দলৰ নেতা নজৰুল ইছলাম, চি পি আই, চি পি এম এলৰ লগতে কেবাটাও বাওঁপন্থী দলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীৰে কৃষক মুক্তিৰ ৰাজহুৱা মুণ্ডন