ETV Bharat / state

কলিয়াবৰৰ ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত গোনা ম'হৰ তয়াময়া যুঁজ - buffelo fight at kaliabor

পৰম্পৰা ৰক্ষাৰ প্ৰয়াসেৰে কলিয়াবৰৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত মাঘৰ পহিলা দিনটোতে আয়োজন কৰা হ'ল গোনা ম'হৰ যুঁজ প্ৰতিযোগিতা ৷ প্ৰায় কুৰিৰো অধিক ম'হে ভাগ লোৱা প্ৰতিযোগিতাখনত কেইবাটাও গোনা ম'হৰ তয়ানয়া যুঁজ দেখিবলৈ পোৱা যায় ৷

buffelo fight at kaliabor
কলিয়াবৰৰ ভঁৰালী বৰুৱা পুখুৰীৰ পাৰ গুনা ম'হৰ টয়ানয়া যুঁজ
author img

By

Published : Jan 15, 2021, 9:17 PM IST

Updated : Jan 15, 2021, 10:32 PM IST

কলিয়াবৰ,15 জানুৱাৰী : আহোম যুগীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াসেৰে কলিয়াবৰৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত মাঘৰ পহিলা দিনটোতে আয়োজন কৰা হ'ল গোনা ম'হৰ যুঁজ প্ৰতিযোগিতা ৷ প্ৰায় কুৰিৰো অধিক ম'হে ভাগ লোৱা প্ৰতিযোগিতাখনত কেইবাটাও গোনা ম'হৰ তয়ানয়া যুঁজ দেখিবলৈ পোৱা যায় ৷

কলিয়াবৰৰ ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত গোনা ম'হৰ তয়াময়া যুঁজ

বিগত ৩০ বছৰ ধৰি পৰম্পৰা ৰক্ষা কৰি পূৱথৰীয়া যুৱক আৰু ম'হ পালকসকলে ভঁৰালী বৰুৱা পুখুৰীৰ পাৰত এই ম'হ যুঁজ অনুষ্ঠিত কৰি আহিছে। স্থানীয় এগৰাকী ম'হ পালকে সাংবাদিকক সম্বোধন কৰি কয়,এই সময়ত ম'হৰ শিঙত এক বিশেষ ধৰণৰ পোক হয় । সেই পোকবোৰ নোহোৱা কৰিবলৈকে ন্যায়ালয়ৰ নিষেধাজ্ঞা পিচতো আজি ম'হৰ যুঁজ আয়োজন কৰা হয় ৷

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ে বন্য প্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত অসমীয়া জাতিৰ পৰম্পৰাগত বুলবুলি যুজঁ,ম'হ যুঁজ,গৰু যুঁজ ইত্যাদি ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ সকলো প্ৰান্ততে ম'হ যুঁজ অনুষ্ঠিত কৰা দেখা যায় ৷

লগতে পঢ়ক : উজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন

Last Updated : Jan 15, 2021, 10:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.