ৰহা,26ছেপ্টেম্বৰ : সমাগত 2021ৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে কঁকালত টঙালি বান্ধি নিৰ্বাচনী ৰণলৈ সাজু হৈছে শাসক-বিৰোধী সকলো দল ৷ ৰাজ্যত উকমুকনি উঠিছে নতুন ৰাজনৈতিক দলৰ ৷ তাৰ মাজতে সমষ্টিবাসীৰ মন জয় কৰিবলৈ উঠি পৰি লাগিছে জন প্ৰতিনিধি আৰু দলীয় নেতা-কৰ্মী ৷ ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসো ওলাই আহিছে ৰাইজৰ মাজলৈ ৷ শুকুৰবাৰে ৰহাৰ কলঙৰ ওপৰত তিনিখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, নগাঁও জিলাৰ সোঁ মাজেদি বৈ যোৱা কলঙৰ ওপৰত দলঙৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি দীৰ্ঘদিনে দলং নিৰ্মাণৰ দাবী জনাই আহিছিল স্থানীয় ৰাইজে । ইয়াৰ পাচতে বিধায়ক গৰাকীয়ে শুকুৰবাৰে ৰহাৰ মেটেকা-দুৰ্গাজানত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে ৷ এচ অ’ পিডি আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব এই দলং খন ৷
ইয়াৰ লগতে, মধ্যদীঘলদৰি ৰাসমন্দিৰৰ সমীপত আৰু কাকতি গাঁও বাবুলা মধি ঘাট-পহুপুৰি সংযোগী পথত দুখনকৈ কাঠৰ দলং(ফুটব্ৰীজ)ৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰায় ছয় কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰিব লগা দলং কেইখনে ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ উক্ত আধাৰশিলা কাৰ্যসূচীত জিলা গড়কাপ্তানি বিভাগৰ কাৰ্যকৰী অভিযন্তা গোবিন সিঙৰ লগতে বিভাগীয় বহু বিষয়া-কৰ্মচাৰী আৰু দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
অন্য এক খবৰৰ বাবে: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল মাজুলীৰ নেপালী নৃত্য