ETV Bharat / state

কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ - বুঢ়াপাহাৰত বান

ক্ৰমাৎ বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ (Brahmaputra River Water level) ৷ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷ অৱশ্যে কাজিৰঙাৰ জীৱকূলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ এতিয়ালৈকে সুৰক্ষিত হৈ আছে ৷

brahmaputra-river-water-level-rising
কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি
author img

By

Published : Jul 9, 2021, 12:16 PM IST

কলিয়াবৰ, 9 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ (Brahmaputra River Water level) ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ এতিয়ালৈকে সুৰক্ষিত হৈ আছে কাজিৰঙাৰ জীৱকূলৰ বাবে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃৰ্ণ অঞ্চল ঠায়ে ঠায়ে জলমগ্ন হৈছে যদিও বৰ্তমানলৈকে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকূল সুৰক্ষিত হৈ থকা জানিব পৰা গৈছে ।

এতিয়ালৈকে হাইলেণ্ড (High Land) সমূহত অৱস্থান কৰা জীৱ-জন্তুবোৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ পৰা ওলাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ যোৱা নাই । অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বন বিভাগৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসন, জখলাবন্ধা আৰক্ষী নিৱেশ আৰু বাগৰি আৰক্ষী চকীৰ আৰক্ষী এই বিষয়ক লৈ সষ্টম হৈ উঠিছে ।

কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি

বানৰ বাবে যাতে জীৱকূলৰ কোনোধৰণৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে ইতিমধ্যে 144 ধাৰা জাৰি কৰিছে ।

ৰাজ্যত ক’ভিড (Covid)ৰ সংক্ৰমণ পুনৰ বৃদ্ধি হোৱাৰ সময়তে বান (Flood)য়ে আতংকৰ সৃষ্টি কৰিব আশংকা প্ৰকাশ কৰা হৈছে ৷ প্ৰতিবছৰে ৰাজ্যবাসীৰ লগতে জীৱকূলো বানৰ কৱলত পৰি আশ্ৰয়হীন হোৱা দেখা যায় ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হ’লে কাজিৰঙাৰ জীৱ-জন্তুবোৰে আশ্ৰয় বিচাৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলে ৷ এই ক্ষেত্ৰত আজিলৈকে বন বিভাগে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই ৷

লগতে পঢ়ক : বটদ্ৰৱাত পথৰ দাঁতিত পেলাই যোৱা আঘাতপ্ৰাপ্ত লোকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.