নগাঁও,19 নৱেম্বৰ: মহামাৰী কৰ'ণাৰ অব্যাহত থকা যুঁজৰ বাবে সাংসদ পুঁজিৰ সমস্ত ধন আগবঢ়োৱা দেশৰ প্ৰথমগৰাকী সাংসদ প্ৰদ্যুত বৰদলৈ ! এই কথা বৃহস্পতিবাৰে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত মৰঙিয়াল এম বিদ্যালয়ৰ পকী দেৱাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি দাবী কৰে সাংসদগৰাকীয়ে ৷
সাংসদ পুঁজিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰাৰ সময়তে কৰ’ণা মহামাৰীয়ে ধাৰণ কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংসদীয় সমষ্টিৰ তিনিখন জিলা ক্ৰমে নগাঁও, মৰিগাঁও আৰু হোজাইৰ স্বাস্থ্য কৰ্মীসকলৰ বাবে পিপিই কিট ক্ৰয় কৰিবলৈ জিলা উপায়ুক্তৰ হাতত এই ধন অৰ্পণ কৰিছিল সাংসদ বৰদলৈয়ে ৷ সেই সময়ত ৰাজ্য চৰকাৰে স্বাস্থ্য কৰ্মীৰ বাবে কোনো সামগ্ৰী যোগান নধৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰদ্যুত বৰদলৈয়ে ৷ সাংসদগৰাকীয়ে এই পুঁজিৰ ধন কৰ'ণা যুদ্ধৰ বাবে আগবঢ়োৱাৰ পিছতেই ভাৰত চৰকাৰে দেশৰ সকলো সাংসদৰ সাংসদ পুঁজিৰ ধন কৰ্তন কৰি কৰ’ণা যুদ্ধত খৰচ কৰাৰ দাবী উত্থাপন কৰে ৷ বৃহস্পতিবাৰে নগাঁৱৰ পাখিমৰীয়া জিলা পৰিষদৰ সদস্যা দীপিকা শইকীয়াৰ উপস্থিতিত বিদ্যালয়খনৰ পকী দেৱালৰ উদ্বোধন কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
লগতে চাওকঃ মৰঙীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ