কলিয়াবৰ, 1 জুনঃ কলিয়াবৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া হাতীমূৰা পাহাৰৰ পৰা এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন আঁচনি কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পলৈকে অলপতে ৪৩০ মিটাৰ দৈৰ্ঘ্যৰ এক শৈল স্পাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এই স্পাৰছোৱা ৰাজ্যৰ জল সম্পদ বিভাগৰ তত্বাৱধানত এম. পি.আগৰৱালা আৰু তপন মেধীৰ মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই নিৰ্মাণ কৰে ৷ কিন্তু একেৰাহে দি থকা বৰষুণৰ ঢলে স্পাৰটোৰ প্ৰায় ৩ মিটাৰ অংশ ক্ষতিগ্ৰস্ত কৰে। আনহতে,স্পাৰটো ক্ষতিগ্ৰস্ত হোৱা বাতৰি সামাজিক মাধ্যম যোগে প্ৰচাৰ হোৱাৰ লগে লগে স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
অৱশেষত জল সম্পদ বিভাগৰ বিষয়াই ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি শংকাৰ কোনো কাৰণ নাই বুলি ৰাইজক জানিবলৈ দিয়ে । লগতে বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়ে যে,স্পাৰটো নিৰ্মাণ হোৱা স্থানেৰে হাতীমূৰা পাহাৰ আৰু স্থানীয় গাঁৱৰ বৰষুণৰ বুজন পৰিমাণ পানীভাগ ব্ৰহ্মপুত্ৰ বুকুত পৰে। সেই উদ্দেশ্যে হাতীমূৰা মন্দিৰ আৰু গাঁৱৰ দিশৰ পৰা দুটা নলা নিৰ্মাণৰ আঁচনি আছে। কিন্তু গাঁৱৰ দিশৰ পৰা অহা নলাটো এতিয়াও অসম্পূৰ্ণ হৈ থকাৰ বিপৰীতে হাতীমূৰা মন্দিৰৰ দিশৰ নলাটোৰ কাম এই পৰ্যন্ত আৰম্ভই হোৱা নাই। তেনে অৱস্থাত মন্দিৰৰ দিশৰ বৰষুণৰ পানী ভাগ স্পাৰত প্ৰস্তাৱিত নলাৰ বাবে ৰখা স্থানেদি বৈ যোৱাত প্ৰায় ৩ মিটাৰৰ অংশ এটা তললৈ বহি যায়।
লগতে পঢ়কঃ গুপ্ত হত্যাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিছে নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল!
উল্লেখ্য যে,ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে স্পাৰটোৰ কোনো ক্ষতি কৰিব পৰা নাই। ইতিমধ্যে জল সম্পদ বিভাগে ততাতৈয়াকে ক্ষতিগ্ৰস্ত হোৱা অংশ মেৰামতিৰ নিৰ্দেশ দিছে। লগতে বৰষুণৰ পানীভাগ ব্ৰহ্মপুত্ৰৰ বুকুলৈ বোৱাই নিবলৈ দুয়োটা নলা অনতি পলমে নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত হোৱা অংশৰ পৰা কলিয়াবৰৰ কোনো ক্ষতি নহয় বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে ।