ETV Bharat / state

দেশভক্তি দিৱসত ৰক্তদান শিবিৰৰ আয়োজন - অসম চৰকাৰ

দেশভক্ত তৰুণ ৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি উদযাপন দেশভক্তি দিৱস ৷ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ পৰা পালন কৰা হৈছে এই দিৱস ৷

blood-donation-camp-organized-to-mark-82nd-death-anniversary-of-patriot-tarun-ram-phukan
দেশভক্তি দিৱসত ৰক্তদান শিবিৰ আয়োজন
author img

By

Published : Jul 29, 2021, 1:53 PM IST

নিউজ ডেস্ক ,29 জুলাই : অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে বুধবাৰে সমগ্ৰ ৰাজ্যতে দেশভক্ত তৰুণৰাম ফুকনৰ 82 সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় । দেশভক্ত তৰুণ ৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰক্ত দান শিবিৰ আয়োজন । কভিড প্ৰ'টকল ৰক্ষা কৰি ধিঙৰ নেতাজী পাঠ্যচক্ৰ সংস্থাটোৰ সৌজন্যত দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি ৰক্ত দান শিবিৰ আয়োজন কৰিছে কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীয়ে ।

দুটা বছৰে ক’ভিড সৃষ্ট পৰিবেশৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিৰত থাকিব লগীয়া হৈছে । সেয়েহে এই পবিত্ৰ দিনটো বিশেষভাৱে আয়োজন কৰিব পৰা নাই যদিও অনুষ্টূপীয়াকৈ হ’লেও আয়োজন কৰিছে এটা মহৎ অনুষ্ঠান । আমি সকলোৱে জানো যে ৰক্তদান জীৱনদান । উল্লেখ্য যে, বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ বাবে বহু লোকে এটুপি তেজৰ কাৰণে বহু হতাশাত ভুগিবলগীয়া হয় ৷

ঠিক তেনে সময়তে ধিঙৰ এইসকল যুৱক যুৱতীৰ পদক্ষেপ সচাকৈয়ে শলাগ ল’বলগীয়া । উক্ত শিবিৰত সহায়ৰ বাবে আগবাঢ়ি অহা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কৃৰ্তৃপক্ষই জানবলৈ দিয়া মতে নগাঁও জিলাৰ দাঁতিকাষৰীয়া কেইবাখনো জিলাত তেজ যোগান ধৰিব লগীয়া হয় চিকিৎসালয়খনে ৷ সেয়েহে তেনে ক্ষেত্ৰত তেজৰ নাটনি হোৱা দেখিবলৈ পোৱা যায় বুলি মত পোষণ কৰে চিকিৎসালয়ৰ কৰ্তৃপক্ষই । উক্ত শিবিৰত ধিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে ৷

দেশভক্তি দিৱসত ৰক্তদান শিবিৰ আয়োজন
দেশভক্তি দিৱসত ৰক্তদান শিবিৰ আয়োজন

সমগ্ৰ ৰাজ্যৰ লগতে হাফলঙত চৰকাৰীভাৱে দেশভক্তি দিৱস উদযাপন । ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে এতিয়াৰ পৰা প্ৰতি বছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসত ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত দেশভক্তি দিৱস হিচাবে উদযাপন কৰা হ’ব । এই অনুষ্ঠানত দেশ ৰক্ষাৰ বাবে আমি সকলোৱে মিলি এক লগ হৈ কাম কৰি যাব লাগিব বুলি মন্ত্যব্য কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধানসচিব জুবি নামপুয়ে ৷

গোলাঘাট জিলাৰ সৰুপথাৰতো বুধবাৰে মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত ধনশিৰি মহকুমা প্ৰশাসন, মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী, দেশভক্ত তৰুণৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰে ।

লগতে পঢ়ক:শিৱসাগৰত দেশভক্তি দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.