নগাঁও,18 ডিচেম্বৰ: ড্ৰাই ডে'ত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি আৰক্ষীৰ জালত এগৰাকী বিজেপি কৰ্মী ৷ অবৈধভাৱে বিলাতী সুৰা বিক্ৰীৰ কৰাৰ বাবে নগাঁৱৰ শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাসক আটক কৰে নগাঁও আৱকাৰী বিভাগে ৷
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা তুলন দাসে নগাঁও চহৰত অবৈধ ভাৱে বিলাতী সুৰাৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ আছিল পূৰ্বৰে পৰা ৷ বৃহস্পতিবাৰে নগাঁও আৱকাৰী বিভাগে ৱাৰ্ড মেম্বাৰজনৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে আটক কৰিলে তুলন দাসক ৷
লগতে পঢ়ক: কুসুমটোলাৰ পদ্মপুৰত চোৰে লুটিলে নামঘৰৰ সম্পদ