ETV Bharat / state

বিজেপি কৰ্মীৰ বিৰুদ্ধে অধ্যাপকক আক্ৰমণৰ অভিযোগ

ৰে’ল ক্ৰচিঙত গাড়ী ৰখোৱাৰ বাবেই অধ্যাপকক নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় অধ্যাপক ড৹ অজিত ভড়ালী ৷

author img

By

Published : Sep 13, 2021, 9:53 AM IST

bjp-worker-accused-of-attacking-professor
বিজেপি কৰ্মীৰ বিৰুদ্ধে অধ্যাপকক আক্ৰমণৰ অভিযোগ

নগাঁও, 13 ছেপ্টেম্বৰ : নগাঁৱত এগৰাকী অধ্যাপকক কৰা আক্ৰমণক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ নলবাৰীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা কবি, সাহিত্যিক ড৹ অজিত ভড়ালীয়ে দেওবাৰে সন্ধিয়া কন্যাক লগত লৈ পত্নীক আনিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা ৷

অধ্যাপক ড৹ ভড়ালীয়ে বিপৰীত দিশৰ পৰা এখন বাইকত এটা দম্পতী অহা দেখি তেওঁ বাহনখনৰ গতিবেগ কমাই ৰখাই দিয়ে । ইয়াকে লৈ বাইকত থকা দম্পতীটোৱে অধ্যাপক ড৹ ভড়ালীৰ ওপৰত খৰ্গহস্ত হৈ পৰে । সামান্য কথাৰ বাবেই অধ্যাপকৰ কন্যাকো দম্পতীটোৱে অশ্লীল ভাষাৰে গালি-গালাজ পৰা বুলি অভিযোগ তুলিছে অধ্যাপকগৰাকীৰ লগতে কন্যাই ।

অধ্যাপকৰ কন্যাক শাৰিৰীকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বাইকত অহা দম্পতীটোৱে । এনে অৱস্থাত পিতৃয়ে বাধা প্ৰদান কৰাত অধ্যাপক ড৹ ভড়ালীক আক্ৰমণৰ লক্ষ্য কৰি লয় মহিলাগৰাকীৰ স্বামীয়ে । হাতত থকা হেলমেটৰে ড৹ ভড়ালীৰ মূৰত উপৰ্যুপৰি আক্ৰমণ কৰে বাইকত অহা দম্পতীটোৱে ৷

পৰৱৰ্তী সময়ত এই আক্ৰমণৰ ঘটনাত জড়িত দম্পতীটো শেনচোৱা গাঁও পঞ্চায়তৰ বিজেপিৰ ৱাৰ্ড সদস্য মণিকা ৰাজখোৱা দাস আৰু স্বামী মৃদুল দাস বুলি জানিব পৰা গৈছে ৷ বিজেপি কৰ্মীদ্বয়ৰ আক্ৰমণত অধ্যাপকগৰাকীৰ লগতে কন্যাও আঘাতপ্ৰাপ্ত হয় । সম্প্ৰতি ঘটনা সন্দৰ্ভত অধ্যাপকগৰাকীয়ে স্থানীয় থানাত দাখিল কৰিছে এজাহাৰ ।

অধ্যাপক ড৹ অজিত ভড়ালীৰ লগতে কন্যাক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত সম্প্ৰতি ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ অভিযুক্ত দম্পতীটোক শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে সৰ্বত্ৰে । সম্প্ৰতি অভিযুক্ত দুই বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী মহিলা সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.