নিউজ ডেস্ক, 16 নৱেম্বৰঃ বিজেপি শাসনকালত দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাৰাফেল কেলেংকাৰী, কিন্তু বিগত 14 নৱেম্বৰত ৰাফেল যুদ্ধ বিমান কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ৷ উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে, পুনৰীক্ষণ আবেদনত এনে কোনো তথ্য নাছিল যাৰ ভিত্তিত তদন্তৰ বাবে গোচৰ ৰুজু কৰিব পৰা যাব ৷ ৰাফেল বিমান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য পৰ্যাপ্ত আৰু যুক্তিসংগত ৷ ইয়াৰ বাবদ পৃথকে পৃথকে তদন্ত চলোৱাৰ কোনো প্ৰয়োজনীয়তা নাই ৷
ইয়াৰ পিছতেই কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবীত দেশজুৰি বিজেপিৰ নেতা কৰ্মীসকলে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ শনিবাৰে নগাঁৱতো বিজেপিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ উপস্থিতিত শতাধিক বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ৷ সমান্তৰালকৈ ধুবুৰী ৰাজীৱ ভৱনৰ সমীপৰ গুৰু টেগ বাহাদুৰ পথটো ধুবুৰী জিলা বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বিমল ওচৱালে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যমক শুভেচ্ছা জ্ঞাপন কৰি ৰাফেল কেলেংকাৰী লৈ ৰাহুল গান্ধীৰ অপপ্ৰচাৰে ৰাইজৰ মাজত সৃষ্টি কৰা বিভ্ৰান্তিসমূহ আঁতৰোৱাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে ।
আনহাতে, সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বিজেপি কৰ্মী ৷ শনিবাৰে দিনৰ ভাগত ৰঙিয়া মুৰাৰাৰ বিজেপি উত্তৰ কামৰূপ জিলা কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক কৰ্মীয়ে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা প্ৰদৰ্শন কৰে । ইয়াৰ লগতে তিনিচুকীয়াতো আৰু গোলাঘাটতো প্ৰতিবাদত নামে বিজেপি কৰ্মী ৷ সমান্তৰালকৈ হোজাইতো বিধায়ক শিলাদিত্য দেৱৰ লগতে জিলা বিজেপিৰ নেতা-কৰ্মীসকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷