ETV Bharat / state

কাজিৰঙাৰ অগৰাতলিত পক্ষী সংৰক্ষণ মহোৎসৱ ২০২৪ - কাজিৰঙা পক্ষী মহোৎসৱ

Bird Conservation Festival: কাজিৰঙাৰ অগৰাতলিত ৯-১০ জানুৱাৰীত অনুষ্ঠিত হ’ব পক্ষী সংৰক্ষণ মহোৎসৱ ২০২৪ ৷ উপস্থিত থাকিব দেশৰ বিভিন্ন প্ৰান্তৰ পক্ষীবিদ আৰু গৱেষক ৷ অংশ ল’ব স্থানীয় ছাত্ৰ-ছাত্ৰী, ট্যুৰিষ্ট গাইডে ৷

Bird Conservation Festival 2024 to be held in kaziranga
দুদিনীয়া কাৰ্যসূচীৰে পক্ষী সংৰক্ষণ মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 4:01 PM IST

দুদিনীয়া কাৰ্যসূচীৰে পক্ষী সংৰক্ষণ মহোৎসৱ

কাজিৰঙা, 4 জানুৱাৰী : পক্ষী সংৰক্ষণ মহোৎসৱ ২০২৪ ৷ আগন্তুক ৯ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ অগৰাতলিত আৰম্ভ হ’ব পক্ষী সংৰক্ষণ মহোৎসৱ ২০২৪ ৷ পঞ্চম বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই পক্ষী মহোৎসৱৰ লগত সংগতি ৰাখি বিজ্ঞানসন্মত পক্ষী গণনা কৰা হ’ব ৷ নাগৰিক বিজ্ঞান ব্যৱহাৰ কৰি পক্ষী সংৰক্ষণৰ এই দুদিনীয়া কাৰ্যসূচী মুকলি কৰিব ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইতিমধ্যে পক্ষী মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন গৰাকী পক্ষীবিদ, গণনাকাৰী, স্থানীয় জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয়, চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা, জীপ ছাফাৰী সংস্থা, কাজিৰঙা অধ্যয়ন চক্ৰ, কাজিৰঙা, বোকাখাত, কলিয়াবৰৰ সাংবাদিকে সহযোগ কৰাৰ লগতে ট্যুৰিষ্ট গাইড, উঠি অহা প্ৰজন্মৰ বিভিন্ন গৰাকী প্ৰতিনিধিৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱকে নিজৰ নাম পঞ্জীয়ন কৰিছে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ জলচৰ পক্ষীৰ বৈচিত্ৰৰে সমৃদ্ধ ৷ বৰ্তমান কাজিৰঙাত থকা ৫২১ টা প্ৰজাতিৰ জলচৰ পক্ষীৰ ৬২ টা প্ৰজাতিয়েই বিশ্বব্যাপী বিপদাপন্ন ৷ আনকি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ধৃতৰাজ চৰাইৰ দৰে গুৰুত্বপূৰ্ণ জলচৰ পক্ষীৰ সংখ্যাৰ বাবেও বিখ্যাত ৷ লক্ষণীয় কথাটো হ’ল, ৰাষ্ট্ৰীয় উদ্যানৰ এই জলচৰ পক্ষীবোৰে উদ্যানখনৰ জৈৱ-বৈচিত্ৰতা, পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ সূচক, কীট-পতঙ্গ নিয়ন্ত্ৰক আৰু সাম্ভাব্য ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰহৰী হিচাপে কাম কৰে । তদুপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰসাৰিত জলাশয় বা বিলবোৰে এই জলচৰ পক্ষীবোৰৰ বাবে অত্যাৱশ্যকীয় খাদ্য, প্ৰজননস্থলী আৰু বাসস্থানৰো যোগান ধৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূ ভাগৰ এক গুৰুত্বপূৰ্ণ অংশ জলাশয় আৰু ঘাঁহনিৰে আৱৰি আছে ৷ যাক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ গুৰুত্বপূৰ্ণ চৰাই অঞ্চল হিচাপে স্বীকৃতিও দিয়া হৈছে । প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰায়ে বিশ্বৰ বিভিন্ন ফ্লাইৱেৰে বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰে ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে দুটা মুখ্য ফ্লাইৱেত পৰে ৷ এই দুই ফ্লাইৱে’ হ’ল মধ্য এছিয়ান ফ্লাইৱে আৰু পূব এছিয়ান-অষ্ট্ৰেলিয়ান ফ্লাইৱে ।

বেছিভাগ পৰিভ্ৰমী জলচৰ পক্ষী ইউৰেছিয়াৰ নাতিশীতোষ্ণ অঞ্চল, তিব্বতীয় মালভূমি, মংগোলীয়া, ৰাছিয়া, ছাইবেৰিয়া আৰু লাডাখৰ পৰা কাজিৰঙালৈ আহে । তেখেতে কয় যে, বালিমাহী চৰাই শীতকালত কাজিৰঙালৈ অহা পৰিভ্ৰমী চৰাইৰ প্ৰজাতিৰ ভিতৰত অন্যতম । বিগত বৰ্ষৰ দৰে এইবাৰো কাজিৰঙাত ধৃতৰাজ, ৰাজহাঁহ, চাকৈচকোৱা, বালিঘোঁৰা, বগা বালিমাহী, শৰালী হাঁহ, বেজীনেজীয়া হাঁহকে ধৰি বহু প্ৰজাতিৰ পৰিভ্ৰমী জলচৰ পক্ষী ইতিমধ্যে দেখা গৈছে ৷ বৈকাল টিল, গ্ৰেটাৰ হোৱাইট-ফ্ৰণ্টেড গুজ আৰু পিড এভোচেটৰ দৰে বিৰল প্ৰজাতিৰ পক্ষীও দেখা গৈছে ৷ ক্ষেত্ৰ সঞ্চালক ঘোষে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ২০১৮-১৯ ৰ পৰা ২০২১-২২ চনলৈকে একেৰাহে চাৰিটা বৰ্ষ জলচৰ পক্ষীৰ গণনা বিভাগীয়ভাৱে চলাইছে ৷ যাৰ ফলত কাজিৰঙাৰ আৱাসী আৰু পৰিভ্ৰমী জলচৰ চৰাইৰ পৰসংখ্যা নথিভুক্ত কৰা হৈছে ৷

বিগত বৰ্ষৰ দৰে এইবাৰো ২০২৪ চনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোম্বাই নেচাৰেল হিষ্ট্ৰি ছ’চাইটি, স্থানীয় শৈক্ষিক প্ৰতিষ্ঠান আৰু বেচৰকাৰী সংগঠনসমূহৰ সহযোগত অহা ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়াকৈ জলচৰ পক্ষীৰ গণনা আৰু কাজিৰঙা পক্ষী সংৰক্ষণ মহোৎসৱ আয়োজন কৰিছে । এই পক্ষী গণনা আৰু পক্ষী সংৰক্ষণ দিৱসৰ বাবে নুমলীগড় শোধনাগাৰে প্ৰতিষ্ঠানটোৰ সামাজিক কল্যাণ আৰু ভাৰতীয় ষ্টেট বেংকেও তেওঁলোকৰ সমাজিক কল্যাণ আঁচনিৰে সহযোগিতা আগবঢ়াইছে ৷ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কয় যে, বিগত বৰ্ষৰ তুলনাত এই বছৰৰ পক্ষী গণনা কাৰ্যসূচীৰ মূল পাৰ্থক্যটো হ’ল গণনাকাৰী আৰু স্থানীয় যুৱ স্বেচ্ছাসেৱকসকলক চৰাই গণনা কাৰ্যত জড়িত কৰা হ’ব যাৰ ফলত ইয়াক এক সৰ্ববৃহৎ নাগৰিক বিজ্ঞান প্ৰচেষ্টা হিচাপে গঢ়ি তোলা হ’ব ৷

এইবাৰৰ গণনাত পক্ষী গণনাৰ প্ৰখ্যাত ব্যক্তিত্ব, সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলক একত্ৰিত কৰাৰ চেষ্টা কৰা হৈছে । দুদিনীয়া উৎসৱটোত কাজিৰঙাৰ বিবিধ পক্ষী জীৱন প্ৰদৰ্শন কৰা লাইভ চেশ্যন, ৱেব-ইনাৰ আৰু ফটোগ্ৰাফী প্ৰতিযোগিতাও অন্তৰ্ভুক্ত কৰা হ’ব । দুদিনীয়া এই কাৰ্যসূচীৰ লক্ষ্য হৈছে "নাগৰিক বিজ্ঞান ব্যৱহাৰ কৰি চৰাই সংৰক্ষণ" বিষয়বস্তুৰ অধীনত, সাধাৰণ নাগৰিকসকলক চৰাইৰ সংখ্যা নিৰীক্ষণ আৰু সুৰক্ষা দিয়াত সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত কৰা, এইবুলি উল্লেখ কৰে ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে ৷

আনহাতে, এই পক্ষী গণনাত সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে কাষৰীয় অঞ্চলক সামৰি প্ৰায় ৮০ টা আৰ্দ্ৰভূমি বা বিল সামৰি লোৱা হ’ব ৷ ১ কিলোমিটাৰ বাফাৰ এলেকাৰ তলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰিক্ষত বনাঞ্চলৰ সীমাৰ বাহিৰৰ কিছুমান আৰ্দ্ৰভূমিও অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেখেতে জনায় ৷

লগতে পঢ়ক : বনবিভাগৰে আলোচনাৰ পাছতেই কাজিৰঙাত হাতী ছাফাৰী বন্ধ প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.