ETV Bharat / state

লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত পক্ষী গণনাৰ সন্তোষজনক ফলাফল

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 8:29 PM IST

Bird census : লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত অভিলেখ সংখ্যক পক্ষীৰ বিচৰণ ৷ অভয়াৰণ্য দুখনৰ 24 টা জলাশয়ত 28 টাকৈ দলে চলাইছিল জলস্তৰ পক্ষী গণনা প্ৰক্ৰিয়া ৷

Bird census
অভিলেখ সংখ্যক জলচৰ পক্ষীৰ বিচৰণ
পক্ষী গণনাৰ সন্তোষজনক ফলাফল

চামগুৰি, 12 জানুৱাৰী : লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত হৈ যোৱা পক্ষী গণনাৰ সন্তোষজনক ফলাফল ৷ অভয়াৰণ্য দুখনত অভিলেখ সংখ্যক জলচৰ পক্ষীৰ বিচৰণ ৷ গণনাত পোৱা চৰাইৰ সংখ্যা 35,231 বুলি জানিব পৰা গৈছে ৷ কেৱল লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰৌমাৰি বিলত পোৱা সৰ্বাধিক জলচৰ পক্ষীৰ সংখ্য 19,301 ৷

ইফালে অভয়াৰণ্য দুখনত বিচৰণ কৰা পৰিভ্ৰমী পক্ষী দীঘলনেজীয়া হাঁহৰ পৰিসংখ্যা সৰ্বাধিক বুলি জানিব পৰা গৈছে ৷ দীঘলনেজীয়া হাঁহৰ সংখ্যা 8,960 টা ৷ গণনাত 98 টা পৰিচিত জলস্তৰ পক্ষীৰ প্ৰজাতি আৰু 5 টা অজ্ঞাত জলচৰ পক্ষীৰ প্ৰজাতিৰ অৱস্থিতি পৰিলক্ষিত কৰিলে গাণনিকৰ দলে ৷

অভয়াৰণ্য দুখনৰ 24 টা জলাশয়ত 28 টাকৈ দলে বুধবাৰে পুৱাবেলা চলাইছিল জলস্তৰ পক্ষীৰ গণনা প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ বেদখলমুক্ত অভয়াৰণ্য দুখনত জীৱ-জন্তুৰ মুক্ত বিচৰণ থলী হৈ পৰিছে ৷ গণনাকাৰীৰ কেমেৰাৰ লেন্সত ধৰা দিলে বিভিন্ন পক্ষী, দতাঁল হাতী, পহুকে আদি কৰি বহু বন্যপ্ৰাণীয়ে ৷ বেদখলমুক্ত অভয়াৰণ্য দুখনত ক্ৰমাৎ বৃদ্ধি পাই অহা জীৱ-জন্তু, পশু-পক্ষীৰ পৰিসংখ্যালৈ চাই আগন্তুক সময়ত অধিক পৰ্যটক আগমণৰ আশা কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই ৷ বন বিভাগেও পৰ্যটকক আকৰ্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে শেহতীয়াকৈ বেদখলমুক্ত কৰা হৈছিল লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ৷ বেদখলৰ পিছৰে পৰা অভয়াৰণ্য দুখনত ভৰি পৰিছে জীৱ-জন্তু, পশু-পক্ষী । পৰিভ্ৰমী চৰাইৰ কলৰবেৰে মুখৰিত হৈ পৰিছে অভয়াৰণ্য দুখন । লগে লগে অভয়াৰণ্য দুখনত আৰম্ভ হৈছে পক্ষী গণনা । ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় শতাধিক স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰীৰ সহযোগত বনবিভাগৰ ২৮ টাকৈ দলে অভয়াৰণ্য দুখনত চলায় পক্ষী গণনা ।

লগতে পঢ়ক : পৰিভ্ৰমী পক্ষীৰে জাতিষ্কাৰ লাওঁখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.