ETV Bharat / state

Bihu workshop in Kaliabor: কলিয়াবৰত চলি আছে বিহুৰ কৰ্মশালা

author img

By

Published : Mar 22, 2022, 7:03 PM IST

20 মাৰ্চৰ পৰা কলিয়াবৰত সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত শুভাৰম্ভ বিহুৰ কৰ্মশালা (Bihu dance workshop at Kaliabor) ৷ বৰ বিহুৱা জয়ন্ত সোণোৱাল মুখ্য প্ৰশিক্ষক, কৃষ্ণমণি নাথ বিহুগীতৰ প্ৰশিক্ষক আৰু বিহু সম্ৰাজ্ঞী নীলাক্ষি বৰগোঁহাঞিৰ নেতৃত্বত এই কৰ্মশালাত দিয়া হৈছে বিহু নাচৰ প্ৰশিক্ষণ ৷

Bihu dance workshop at kaliabor
কলিয়াবৰত 20 মাৰ্চৰ পৰা আৰম্ভ বিহুৰ কৰ্মশালা

কলিয়াবৰ, 22 মাৰ্চ : 20 মাৰ্চৰ পৰা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত কলিয়াবৰত আয়োজন কৰা হৈছে এখনি দহদিনীয়া বিহুৰ কৰ্মশালা (Bihu dance workshop at Kaliabor)। অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত ‘টিপকাই’ৰ উদ্যোগত আৰু কলিয়াবৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়া অনুষ্ঠান ফ্ৰেণ্ডশ্বীপ ক্লাবৰ সহযোগত দেওবাৰে কলিয়াবৰৰ নাগশংকৰস্থিত ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত শুভাৰম্ভ কৰা হয় এই কৰ্মশালাৰ ৷ 20 মাৰ্চৰ আৰম্ভণিৰ দিনটোতে শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় এই কৰ্মশালাত ৷

বিহুৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট বিহুৱা জয়ন্ত সোণোৱাল ৷ লগতে এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী নীলাক্ষি বৰগোহাঞি, চয়নিকা কাশ্যপ, প্ৰত্যাশী মহন্ত, টিনামনি বৰা, ৰাখী দত্ত, হিমাদ্ৰী বৰাৰ লগতে অৰুণ শইকীয়া, দিপু দত্ত ৷ বৰ বিহুৱা জয়ন্ত সোণোৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিব বিহুৱা কৃষ্ণমণি নাথেও ৷

কলিয়াবৰৰ লগতে শোণিতপুৰ, গোলাঘাটকে ধৰি বহুকেইখন জিলাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰটোত ন-শিকাৰুৰে উখল-মাখল হৈ পৰিছে এতিয়া সমগ্ৰ অঞ্চলটো ৷ তথ্য অনুসৰি, প্ৰশিক্ষণ শিৱিৰৰ অন্তত ২৯ মাৰ্চত বিশেষ সামৰণি অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজকে ৷ এই অনুষ্ঠানতে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰিব বিহুনৃত্য ৷

লগতে পঢ়ক : পদূলি মুখত ৰঙালী, তাঁতৰ শালত ব্যস্ত মাজুলীৰ শিপিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.