ETV Bharat / state

কৰ্তব্যৰ মাজতে ঢোল-পেপা-গগনাৰ মাতেৰে মুখৰিত হ'ল জাজৰি থানা

author img

By

Published : Apr 22, 2020, 9:16 PM IST

সামাজিক দGৰত্ব বজাই ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে জাজৰি আৰক্ষীয়ে ৷

Bihu dance by police at Jajori police station of Nagaon
কৰ্তব্যৰ মাজতে ঢোল- পেপা- গগনাৰ মাতেৰে মুখৰিত হ'ল জাজৰি থানা

বটদ্ৰৱা,22 এপ্ৰিল:দেশজুৰি কৰ'ণা মহামাৰীৰ বাবে দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ বাবে এইবাৰ অসমীয়া ৰাইজে পূৰ্বৰ দৰে উদযাপন কৰিব নোৱাৰিলে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ ইয়াৰ মাজতেই ঘৰতে আবদ্ধ হৈ থাকি প্ৰতিজন অসমীয়াই অনুষ্টুপীয়াকৈ পালন কৰিলে হেঁপাহৰ বিহুটি ৷ কিন্তু দিনে নিশাই ক'ৰণাৰ বিৰুদ্ধে যুঁজখনত অৱতীৰ্ণ হৈ থকাত বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ পৰা বিৰত থাকিব লগা জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিজন অসমীয়া ৷

এইবাৰ বিহুৰ আনন্দ উল্লাসৰ পৰা বিৰত থাকি নিজৰ কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী সকলক উৎসাহ যোগাৱাৰ উদ্দেশ্যে মঙলবাৰে জাজৰি অঞ্চলৰ সমাজ সেৱিকা প্ৰভা ডেকা আৰু যুৱকৰ্মী তপন শইকীয়াই জাজৰি থানাৰ আৰক্ষী সকলক একোখনকৈ বিহুৱান প্ৰদান কৰি ঢোল-পেপা-গগনাৰ তালে তালে একেলগে নাচিলে বিহু ৷

সামাজিক দুৰত্ব বজাই ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে জাজৰি আৰক্ষীয়ে ৷ কৰ্তব্যৰ মাজতে ঢোল-পেপা-গগনাৰ মাতেৰে মুখৰিত হ'ল জাজৰি থানা ৷ এইসকল লোকৰ মহানুভৱতাক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়কঃ সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.