নগাঁও 15 এপ্ৰিল: চৌদিশে কেৱল ক'ৰণা আতংকৰ বাবে এতিয়া স্তব্ধতা। তাৰ মাজতে হেঁপাহৰ ৰঙালী বিহু। নীতি নিয়মৰ মাজেৰেই পৰম্পৰা ৰক্ষাৰ চেষ্টা। নগাঁৱৰ পূৰণিগুদামৰ ইতিহাসপ্ৰসিদ্ধ এখন বিহু। য'ত চেনিমাই মইমত টাটিঙাই বিহু নিষিদ্ধ কৰা ইংৰাজক নিষেধাজ্ঞা উঠাই ল'বলৈ বাধ্য কৰাই অনুষ্ঠিত কৰিছিল আবতৰীয়া বিহু।
এই অঞ্চলবাসীয়ে দেশ জুৰি লক্ ডাউনৰ বাবে বাহাল থকা চৰকাৰী বাধ্যবাধকতাক সন্মান জনাই অনুষ্টুপীয়াকৈ সোঁৱৰণ কৰিলে ইতিহাস প্ৰসিদ্ধ স্থানীয় এই বিশেষ বিহুক। বিহু অশ্লীল নহয়,বিহু সভ্য জাতিৰ সংস্কৃতি বুলি শতিকা পূৰ্বে ইংৰাজ চাহাবক যিখন বিহুৰ জৰিয়তে বুজাবলৈ সক্ষম হৈছিল সেইখন বিহুৰে পৰম্পৰা অব্যাহত ৰাখি পুৰণিগুদামৰ গড়মূৰত মাত্ৰ কেইজনমান জ্যেষ্ঠ লোকে সামাজিক দুৰত্ব বৰ্তাই ৰখি কেইজনমান বিহুৱা আৰু কেইটামান কণ কণ শিশুৰ জড়িয়তে অনুষ্টুপীয়াকৈ এটি বাটৰ বিহু সদৃশ অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। ইফালে পুৰণিগুদামৰ ঐতিহাসিক বিহুখনক সোৱৰি সীমিত গণ্ডীৰ ভিতৰত অনুষ্ঠিত বিহুৰ অনুষ্ঠানটোৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলৰ মাজত কালান্তক মহামাৰী ক'ৰণা ভাইৰাছৰ ভয়াৱহতা আৰু ইয়াৰ সংক্ৰমণৰ বিৰুদ্ধে ল'বলগীয়া সতৰ্কতা মূলক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টি কৰা দেখা গ'ল উদ্যোক্তা সকলক। অৱশ্যে নিৰ্দিষ্ট দুৰত্ব বজাই ৰাখি উপস্থিত একাংশই এটি বিহু নৃত্যও পৰিৱেশন কৰা দেখা যায়।
লগতে পঢক : নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা