ETV Bharat / state

নগাঁৱত সামাজিক দূৰত্ব বজাই ৰাখি উদযাপন ৰঙালী বিহু

লক ডাউনৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখি নগাঁৱত উদযাপন ৰঙালী বিহু । মঙলবাৰে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ দ্বিতীয় দিন অৰ্থাৎ মানুহ বিহু ৷ কিন্তু কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত সীমাবদ্ধ এইবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ সকলো কাৰ্যসূচী ৷

Bihu celebration during lock down in nagaon
সামাজিক দুৰত্বৰ মাজতে বিহু উদযাপন
author img

By

Published : Apr 14, 2020, 11:24 AM IST

নগাঁও,১৪ এপ্ৰিলঃ কৰ’ণা ভাইৰাছৰ বাবে এইবেলি অসমীয়া ৰাইজৰ মাজত স্তিমিত ৰঙালী বিহুৰ উছাহ-উদ্দীপনা । ঢুলীয়া তথা বিহুৱা শিল্পীসকলে ৰঙালী বিহুৰ সকলো কাৰ্যসূচী মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে বাতিল কৰিছে যদিও এতিয়া যেন ঘৰত শান্তিত থাকিব পৰা নাই । নগাঁৱৰ পুৰণিগুদামৰ ৰাজু শইকীয়া নামৰ এগৰাকী ঢুলীয়া শিল্পীয়ে বিগত বৰ্ষসমূহৰ পহিলা ব’হাগত অনুষ্ঠিত কৰি আহিছিল বাটৰ বিহু । সেয়ে এইবাৰ এই দিনটোত বিহু বুলি শিল্পীগৰাকীয়ে ঘৰৰ চাৰিসীমাৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখি জুৰিলে বিহু,বজালে ঢোলৰ চাপৰ ৷

সামাজিক দুৰত্বৰ মাজতে বিহু উদযাপন

প্ৰথমবাৰৰ বাবে গামোচাৰ লগতে মাস্ক পৰিধান কৰি ৰঙালী বিহু উদযাপন কৰি পুৰণিগুদামৰ ঢোলৰ ওজা গৰাকী কিছু পৰিমাণে মৰ্মাহত ৷ কিন্তু জনসাধাৰণৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, দেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ আহ্বানক সন্মান জনাই সকলোকে চৰকাৰী নিৰ্দেশ মানি বিহু পালন কৰিবলৈ আহ্বান জনায় ৷

লগতে চাওকঃ 3 মে' লৈ বৃদ্ধি লক্ ডাউনৰ সময় সীমা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.