ETV Bharat / state

কলিয়াবৰত মুকলি বিহুৰে ৰাইজে আদৰিছে হেঁপাহৰ ব’হাগক - সুৰধ্বনি সাংস্কৃতিক গোষ্ঠী

কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ‘সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীৰ’ সৌজ্যনত হাটবৰত উদযাপন কৰা হৈছে মুকলি বিহু ৷ সাম্প্ৰতিক কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুক আদৰে কলিয়াবৰৰ সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীয়ে ।

কলিয়াবৰত মুকলি বিহুৰে ৰাইজে আদৰিছে উন্মনা ব’হাগক

author img

By

Published : Apr 15, 2021, 9:20 AM IST

কলিয়াবৰ,15 এপ্ৰিল : অসমীয়াৰ চোতালত প্ৰাণৰ ৰঙালী ৷ ৰঙালী বিহুৰ উচাহেৰে ভৰি পৰিছে অসমীয়াৰ আকাশ-বতাহ ৷ গৰু বিহুৰ দিনাই কলিয়াবৰৰ হাটবৰত উদযাপন কৰা হৈছে মুকলি বিহু ৷ ৰাজ‍্যৰ বিভিন্ন স্থানৰ লগতে কলিয়াবৰতো উদযাপিত হৈছে অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহু ৷ কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ‘সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীৰ’ সৌজ্যনত হাটবৰত আয়োজন কৰা হৈছে এই মুকলি বিহু ৷

সাম্প্ৰতিক কৰ’ণাসৃষ্ট পৰিৱেশৰ মাজতো অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুক ব্যাপক প্ৰস্তুতিৰে আদৰিছে কলিয়াবৰৰ সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীয়ে। কলিয়াবৰৰ হাটবৰ হাজাৰ পথাৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মুকলি বিহু ৷ কৰ'ণাৰ পৰা কিছু পৰিমানে শংকামুক্ত হৈ বিহু বলিয়া ৰাইজৰ অংশগ্ৰহণেৰে আয়োজন কৰা হয় চেনেহৰ ৰঙালী বিহু ৷

কলিয়াবৰত মুকলি বিহুৰে ৰাইজে আদৰিছে উন্মনা ব’হাগক
বিগত ৩০টা বৰ্ষ অতিক্ৰম কৰা সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত কলিয়াবৰৰ হাটবৰ অঞ্চলটোৰ সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা ৩০ গৰাকী বয়োজ‍্যেষ্ঠ ব্যক্তিক পৰাম্পৰাগতভাৱে বিহুৰ সেৱা জনাই সুৰধ্বনি সাংস্কৃতিক গোষ্ঠীয়ে। দুদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ প্ৰথম দিনাৰ মুকলি বিহুত কেইবা শতাধিক দৰ্শক-ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: অভিযাত্ৰীৰ উদ্যোগত নাওবৈচাত মুকলি বিহু উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.