ETV Bharat / state

Bihu at APBN camp: নৱম অসম আৰক্ষী বাহিনীৰ মুখ‍্য চাউনিত ভোগালী বিহু উদযাপন - বঢ়মপুৰত আৰক্ষীৰ বিহু

অসমীয়াই আজি উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু ৷ তাৰ মাজতে কৰ্তব্যৰ খাতিৰত পৰিয়ালৰ লগত বিহু উদযাপনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে জৰুৰীকালীন সেৱাৰ লগত জৰিত লোকসকল ৷ সেইবাবেই বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত বাহিনীটোৰ অধিনায়ক মানৱেন্দ্ৰ ৰায়ে গ্ৰহণ কৰিলে এক ব্য়তিক্ৰমী পদক্ষেপ (Bihu celebration at APBN camp) ৷

Bihu at APBN camp
নৱম অসম আৰক্ষী বাহিনীৰ মুখ‍্য চাউনিত ভোগালীৰ জলপান
author img

By

Published : Jan 14, 2022, 5:57 PM IST

চামগুৰি, 14 জানুৱাৰী: আজি হেপাঁহৰ ভোগালী বিহু । অসমৰ সমাজ জীৱনত বিশ্বত্ৰাসী কৰ’নাই বিগত দুটা বৰ্ষত কালৰূপ লোৱাৰ পিছত লাহে লাহে স্তিমিত লৈছিল যদিও শেহতীয়াকৈ পুনৰ ভয়াবহতাৰ ফালে আগবাঢ়িছে ৷ ফলত অসম চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ মাজতে অসমবাসীয়ে কম বেছি পৰিমাণে সকলো নীতি নিয়ম মানি হেঁপাহৰ ভোগালীক আনন্দ উল্লাসেৰে পালন কৰা পৰিলক্ষিত হৈছে (Bhogali Bihu celebration in Assam) ।

নৱম অসম আৰক্ষী বাহিনীৰ মুখ‍্য চাউনিত ভোগালীৰ জলপান

ভোগালীৰ বিহুৰ দিনটোতে বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত বাহিনীটোৰ অধিনায়ক মানৱেন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষী বিভাগৰ সকলো কৰ্মীক একত্ৰিত কৰি পুৱা বুঢ়া মেজি জ্বলোৱাৰ লগতে পিঠাপনাৰ, বিহুৰ জলপান গ্ৰহণ কৰে (Bihu celebration at APBN camp) । উল্লেখ্য যে, সদায় আইন শৃংখলাৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ লোকসকলে পৰিয়ালৰ লগত উৎসৱ পাৰ্বনত সময় অতিবাহিত কৰিব নোৱাৰা দিশটোৰ ওপৰত লক্ষ্য ৰাখিয়েই নৱম অসম আৰক্ষী বাহিনীত সমূহীয়া জলপান গ্ৰহণৰ ব্যৱস্থা কৰা বুলি অধিনায়কজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Magh bihu celebration: আমগুৰিত ৩০ ফুট উচ্চতাৰ মেজি জ্বলাই মাঘবিহু পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.