ETV Bharat / state

Bhupen Hazarika Statue Inauguration at Kaliabor : কলিয়াবৰত সুধাকণ্ঠৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন

author img

By

Published : Jan 17, 2023, 3:11 PM IST

কলিয়াবৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন (Bhupen Hazarika Statue Inauguration at Kaliabor) ৷ স্থানীয় শিল্পী মৃণাল সিংহৰ তত্তাৱধানত কলকতাৰ শিল্পীয়ে নিৰ্মাণ কৰি উলিয়ায় সুধাকণ্ঠৰ এই পূৰ্ণাংগ প্ৰতিমূৰ্তিটো ।

Bhupen Hazarika Statue Inauguration
ভূপেন হাজৰিকাৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি উন্মোচন

কলিয়াবৰ, 17 জানুৱাৰী : শিল্পী দিৱসৰ দিনাই কলিয়াবৰবাসীয়ে স্মৰণ কৰিলে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক ((71th Shilpi divas)৷ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ দিনাই কলিয়াবৰত উন্মোচন কৰা হ'ল সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি । জখলাবন্ধাস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ সন্মুখত স্থাপিত ত্ৰিৱেণী কানন উদ্যানত স্থাপিত সুধাকণ্ঠৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটি উন্মোচন কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Statue of Sudhakanth unveiled by MLA Keshab Mahanta) ।

ৰূপকোৱঁৰৰ মৃত্যু তিথি তথা আৱক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত 'ত্ৰিবেণী কানন' নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় (Shilpi divas celebrates at Koliabor)। ড০ ভূপেন হাজৰিকাৰ একালৰ ছাত্ৰ তথা জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰী অধ্যক্ষ খগেন্দ্ৰ শৰ্মাই ত্ৰিবেণী কানন আলোচনীখন উন্মোচন কৰে । তাৰ পাচতেই সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই (Cabinet Minister Keshab Mahanta)।

শিল্পী দিৱসৰ পৱিত্ৰ দিনটোত আয়োজিত অনুষ্ঠানটোত ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্ত্তিত পুষ্পাঞ্জলি তথা বন্তি প্ৰজ্জ্বলন কৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰে (Press Club of Kaliabar)। উল্লেখ্য যে, স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত লোকনিৰ্মাণ বিভাগৰ পুঁজিৰে জখলাবন্ধাত নতুনকৈ মুকলি কৰা ত্ৰিৱেণী কানন উদ্যানত স্থাপন কৰা হয় সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটি (Cabinet Minister Keshab Mahanta)।

স্থানীয় শিল্পী মৃণাল সিংহৰ তত্তাৱধানত কলকতাৰ শিল্পীয়ে নিৰ্মাণ কৰি উলিয়ায় সুধাকণ্ঠৰ এই পূৰ্ণাংগ প্ৰতিমূৰ্তিটো । সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচনৰ পূৰ্বে কলিয়াবৰ প্ৰেছ ক্লাবৰ সন্মুখত স্থাপন কৰা ত্ৰিৱেণী কানন উদ্যানৰ দ্বাৰ মুকলি অনুষ্ঠানো অনুষ্ঠিত হয় শিল্পী দিৱসৰ দিনটোতে ।

লগতে পঢ়ক : kharupetia wholesale vegetable market: পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.