ETV Bharat / state

Bhubaneswar Kalita visits Kaliabor: জিলা বিলুপ্তিকৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভুৱনেশ্বৰ কলিতাৰ

কলিয়াবৰত বুথ সশক্তিকৰণ অভিযান কাৰ্য‍সূচীত অংশগ্ৰহণ কৰিলে সাংসদ ভুৱনেশ্বৰ কলিতাই (Bhubaneswar Kalita visits Kaliabor)। জিলা কৰ্তন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কেইবাটাও মন্তব্য কৰিলে নেতাগৰাকীয়ে । শুকুৰবাৰে কলিয়াবৰত নেতাগৰাকীয়ে বুথ কমিটীৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰাৰ লগতে কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে ।

author img

By

Published : Jan 7, 2023, 11:01 AM IST

Bhubaneswar Kalita visits Kaliabor
জিলা বিলুপ্তিকৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভুৱনেশ্বৰ কলিতাৰ
কলিয়াবৰত সাংসদ ভুৱনেশ্বৰ কলিতা

কলিয়াবৰ,৭ জানুৱাৰী : ৰাজ্যজুৰি জিলা কৰ্তন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিতৰ্ক অব্যাহত আছে (District abolish controversy)। ইয়াৰ মাজতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ দাবী কৰা মতে এসময়ত বহু জিলাৰ জনসাধাৰণে নতুনকৈ জিলা গঠন হোৱাটো বিচৰা নাছিল । জিলা বিলুপ্তি বা গঠন সামাজিক উন্নয়ন আৰু প্ৰশাসনিক সুবিধাৰ বাবেহে কৰা হয় (Bhubaneshwar Kalita on district abolishment)।

আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিজস্ব বিষয় । বিজেপি দলে আয়োগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে (Bhubaneshwar Kalita assam constituency reshuffle)। কলিয়াবৰ বিধানসভা সমষ্টিৰ মণ্ডল কাৰ্যালয়ত বুথ সশক্তিকৰণ অভিযানত অংশ লৈ এই মন্তব্য কৰে সাংসদগৰাকীয়ে । শেহতীয়াকৈ দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে কলিয়াবৰ ভ্ৰমণ কৰিছে । ইয়াৰ পাছতে বিজেপি দলৰ ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও শুকুৰবাৰে সমষ্টিটোত উপস্থিত হৈছে ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে বিজেপি দলে । কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছ দলৰ পৰা উদ্ধাৰৰ বাবে বিজেপিয়ে মিত্ৰদল অগপক আঁতৰাই নিজ দলৰ প্ৰাৰ্থীক ঠিয় কৰোৱাৰ ইংগিত দিছে । সেই লক্ষ‍্য আগত ৰাখিয়েই ভুৱনেশ্বৰ কলিতাই বুথ পৰ্যায়ক শক্তিশালী কৰাৰ উদ্দেশ্যে কলিয়াবৰত উপস্থিত হৈছে ।

আগন্তুক নিৰ্বাচনত দলক শক্তিশালী কৰাৰ উদ্দেশ‍্যে কলিয়াবৰত বুথ সশক্তিকৰণ অভিযান কাৰ্য‍সূচীত অংশগ্ৰহণ কৰি এতিয়াৰে পৰা দলটোক আগবঢ়াই নিয়াৰ পৰিকল্পনা লোৱা হয় (Bhubaneshwar Kalita attend booth meeting at Kaliabor)। দলটোৰ ই এক স্বাভাৱিক কাৰ্য‍সূচী আৰু দলটোৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ লক্ষ‍্য বুলি অৱগত কৰে সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে লগতে কয় যে নিৰ্বাচন হওকেই বা নহওক, দলটো শক্তিশালী কৰি ৰাখিবৰ বাবে এনে কাৰ্য‍সূচী গ্ৰহণ কৰা হয় (BJP Booth Sashaktikaran Abhijan Assam)।

সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিৰ্বাচনত কোন দলৰ প্ৰাৰ্থী হ'ব সেইয়া এতিয়াই কোৱা উচিত নহয় । কিয়নো বিজেপি দলৰে প্ৰাৰ্থী হ'বনে মিত্ৰ দলৰ প্ৰাৰ্থী হ'ব, নিৰ্বাচনৰ সময়তহে দলে সিদ্ধান্ত ল'ব ।

কলিয়াবৰৰ বৰ্তমানৰ কংগ্ৰেছে দলৰ সাংসদগৰাকীয়ে নিজৰ সামৰ্থৰ বিষয়ে কৰা মন্তব‍্য তেখেতৰ নিজা মন্তব‍্য বুলি কয় ভুৱনেশ্বৰ কলিতাই । তেওঁৰ মতে বৰ্তামান কংগ্ৰেছ দলৰ স্থিতি কি সকলোৱে জানে । তাৰ তুলনাত বিজেপি দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী আৰু দলীয় ভিতৰচ'ৰাৰ দুৰ্বলতাবোৰ আলোচনাৰ মাজেৰে নোহোৱা কৰি নিৰ্বাচনৰ বাবে সাজু হোৱাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ভাৰতীয় নিৰ্বাচন আয়োগৰ বিষয় আৰু নিৰ্বাচন আয়োগে লোৱা ব‍্যৱস্থাত বিজেপি দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব‍্য কৰে সাংসদগৰাকীয়ে ।

জিলা বিলুপ্তিকৰণ সন্দৰ্ভত তেওঁ কয় যে বিলুপ্তিকৰণ বা জিলা গঠন কৰা বিষয়টো জনসংখ‍্যা, সামাজিক গাঁঠনি আদিৰ ওপৰত নিৰ্ভৰ কৰে । এতিয়া জিলা বিলুপ্তিকৰণ তেনে পৰিপ্ৰেক্ষিততেই কৰা হৈছে । জিলা বিলুপ্তিকৰণ মানে এইটো নহয় যে, পুনৰ নতুন জিলা গঠন নহ'ব । এসময়ত প্ৰশাসনিক কাৰণত গঠন হোৱা নতুন জিলাৰ জনসাধাৰণে জিলা বিচৰা নাছিল বুলিও তেওঁ দাবী কৰে । উন্নয়নমূলক কাম-কাজ তথা প্ৰশাসনিক সুবিধাৰ বাবেহে জিলা গঠন কৰা হৈছিল । এতিয়াও তেনে কাৰণতে জিলা বিলুপ্তি কৰা হৈছে বুলি দাবী কৰে বিজেপিৰ সাংসদ ভুবনেশ্বৰ কলিতাই ।

লগতে পঢ়ক :TMC Assam pradesh Protest at Hojai: হোজাইৰ শংকৰদেৱ নগৰত তৃণমূল কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.