ETV Bharat / state

Bhogali Bihu Preparation at Kaliabor : হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী - হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

ৰাজ্যত মাঘৰ উছাহ ৷ হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী (Bhogali Bihu Preparation in Kaliabor)৷

Bhogali Bihu Preparation at Kaliabor
হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী
author img

By

Published : Jan 11, 2023, 2:18 PM IST

হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

কলিয়াবৰ, 11 জানুৱাৰী: এতিয়া ৰাজ্যৰ চৌদিশে ঢেঁকীৰ গোমগোমনি ৷ আঘোণৰ লখিমীক ভঁৰালত ভৰাই ভোগ আৰু প্রাচুর্যৰে অসমীয়া জাতীয় জীৱনে পুহ আৰু মাঘৰ সংক্ৰান্তিত পালন কৰে হেঁপাহৰ উৎসৱ মাঘ বিহু ৷ পৰিয়াল তথা আত্মীয়-স্বজনৰ সৈতে উদযাপন কৰে ভোগালী বিহু (Bhogali Bihu Preparation at Kaliabor) ।

অসমীয়া জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা, হৃদয়ৰ স্পন্দন এই ভোগালী বিহুটিত সংপৃক্ত হৈ আছে কৃষিজীৱী চহা সমাজৰ প্রাপ্তিৰ আনন্দ (Bhogali bihu in Assam) । আদৰৰ বিহুটি কাষ চাপি অহাৰ লগে লগে ব্যস্ততাৰ সীমা নোহোৱা হৈছে অসমীয়া জীয়াৰী-বোৱাৰীৰ গাত । ঢেঁকীৰ চাৱত এতিয়া ৰাতি দুপৰলৈকে ৰজনজনাইছে গাঁৱৰ চহৰ-নগৰ ।

Bhogali Bihu Preparation at Kaliabor
হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

ৰাতি দুপৰলৈ আখলত বিধে বিধে পিঠা-পনা, জা-জলপানৰ যোগাৰত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমীয়া জীয়ৰী-বোৱাৰীক । ইফালে ল’ৰাহঁতে পথাৰত নৰা কাটি ভেলাঘৰ বা মেজিঘৰ সঁজাত ব্যস্ত হৈ পৰিছে । আকৰ্যণীয় তথা ব্যতিক্ৰমীভাৱে মেজি, ভেলাঘৰ নিৰ্মাণ কৰাক লৈ যেন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে গাঁৱৰ পথাৰে পথাৰে ।

বিশ্বায়ন তথা পশ্চিমীয়া বতাহজাকে চিনাকি সেই গাঁৱৰ ছবিখনৰ পৰিৱেশ বহু পৰিমাণে হ্ৰাস কৰিছে যদিও বিহু বুলিলে এতিয়াও অসমীয়া ৰাইজে জুতি ল'বলৈ পাহৰা নাই পৰম্পৰাগত খাদ্যৰ । আজিও চাহিদা কমা নাই পিঠা-পনা, জলপানৰ । পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কেতাহী চুবুৰীৰ ঢেঁকীশালত বাঢ়িছে যুৱতী-বোৱাৰীৰ ব‍্যস্ততা ।

Bhogali Bihu Preparation at Kaliabor
হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

শাহু-বোৱাৰী-জীয়াৰী মিলি ঢেঁকীত পিঠাগুৰি-সান্দহ খুন্দিছে, জুহালৰ খোলাত প্ৰস্তত কৰি তুলিছে এবিধৰ পাছত আনবিধ পিঠা ৷ খোলা চপৰীয়া পিঠা, বৰ পিঠা, ঘিলা পিঠা, বৰাৰ পিঠাৰে ভৰিছে ৰাজ্যৰ আখল ঘৰসমূহ । পূৰ্বৰ তুলনাত ঢেঁকীৰ ব‍্যৱহাৰ কমিছে যদিও চুবুৰীটোৰ জ‍্যেষ্ঠ-কনিষ্ঠ আটাইয়ে প্ৰতিটো বিহুতে এনেদৰে একেলগে পিঠা-পনা প্ৰস্তুত কৰি বিহুৰ আলহীক অপ‍্যায়ন কৰি আহিছে বুলি জানিবলৈ দিয়ে যুৱতী-বোৱাৰীসকলে ।

জীয়াৰী কালৰে পৰা ঢেঁকীশাল, পিঠা-পনাৰ লগত জড়িত হৈ বৰ্তমান নাতি-নাতিনীৰ মুখ দেখা বয়োজ‍্যেষ্ঠা মহিলাসকলেও জীয়াৰী-বোৱাৰীৰ লগতে ভোগালীৰ ভোগৰ সম্ভাৰ সাজু কৰাত ব‍্যস্ত হৈ পৰিছে । পূৰ্বতকৈ এনে আয়োজন কমিছে যদিও তাৰ মাজতে জ‍্যেষ্ঠ হিচাপে পৰম্পৰা ৰক্ষাৰ দায়িত্ব ৭৫ বছৰ অতিক্ৰম কৰিও জীয়াৰী-বোৱাৰীৰ সৈতে সহযোগিতা আগবঢ়াইছে বুলি উল্লেখ কৰে ।

বৰ্তমান সময়ত সকলো সামগ্ৰীৰে অত‍্যাধিক মূল‍্যবৃদ্ধিয়ে ভোগালী বিহু উদ্‌যাপনতো যে প্ৰভাৱ পেলাব সেইয়াও উল্লেখ কৰে জেষ্ঠ মহিলাগৰাকীয়ে । তথাপিও সীমিত আয়োজনেৰে অসমীয়াৰ বাপতি সাহোন তিনিওটা বিহু অসমীয়াই পালন কৰিবই লাগিব বুলি কয় জেষ্ঠ মহিলাগৰাকীয়ে ।

লগতে পঢ়ক : Bharat Jodo Yatra in Punjab: দলীয় কৰ্মী অনুৰাগীৰে পাঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.