ধিং,10 জানুৱাৰী : সমগ্ৰ অসমৰ লগতে নগাঁৱৰ ধিঙতো চলিছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি ৷ হেঁপাহৰ ভোগালী বিহুটিয়ে দুৱাৰ দলিত ভুমুকি মৰাৰ লগে লগে গা সাতখন-আঠখন হৈ পৰিছে বৃহত্তৰ ধিং ৰাইজৰ ৷
ক’ৰণা মহামাৰীৰ বাবে বিগত বৰ্ষত বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বিৰতি ল’বলগীয়া হোৱা হেতুকে সমাগত ভোগালী বিহুক লৈ উৎফুল্লিত হৈ পৰিছে সকলো ৷
প্ৰতিঘৰ অসমীয়াৰ ঘৰে ঘৰে শুনিবলৈ পোৱা গৈছে ঢেঁকীৰ গুম-গুমনি ৷ পাকঘৰত পোৱা গৈছে সুস্বাদু তেল পিঠা, জলপানৰ গোন্ধ । আনকি ভেলাঘৰ আৰু মেজি বনোৱাতো ব্যস্ত হৈছে পৰিছে গাঁওবাসী ৷
জিয়ৰী-বোৱাৰী, আইতাই সকলোৱে জুৰিছে বিহুগীত । ভোগৰ উৎসৱ প্ৰস্তুতিৰ সময়তে সকলো ৰাইজে ভগৱানৰ ওচৰত কামনা কৰিছে শান্তি-সম্প্ৰতি ৷
লগতে পঢ়ক : গুৱাহাটীৰ মূৰ্গীৰ বজাৰত মূল্যবৃদ্ধিৰ জুই : আঁৰত কোন ?