ধিং, ৮ অক্টোবৰ: ধিঙৰ এজন উদ্যমী যুৱকে বাঁহ শিল্পৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট (Assamese youth in India Book of Records) কৰিবলৈ সক্ষম হৈছে । যুৱকজনৰ নাম ভৰত জ্যোতি দেৱনাথ । তেওঁ ঘৰ ধিঙৰ বেটকাতি গাঁৱত । এইজন উদ্যমী যুৱকে সৰুৰে পৰাই বাঁহৰ বিভিন্ন সঁজুলি তৈয়াৰ কৰি ভাল পাইছিল (Bharat Devnath Making various bamboo tools)। বাঁহৰ কাঠি কামি কৰি সাজি উলিয়াছে ঘৰত ব্যৱহাৰ হোৱা প্ৰতিটো সঁজুলি ।
ইয়াৰ মাজতেই ভৰতে সাজি উলিয়াবলৈ যত্ন কৰে অংকীয়া ভাওনাত (Ankhiya Bhaona)ব্যৱহাৰ কৰা ভগবান শ্ৰীকৃষ্ণৰ পোছাকযোৰ ( Sri Krishnas dress made by Assamese youth )। কথামতেই বাঁহেৰে সাজি উলিয়াছে শ্ৰীকৃষ্ণই সেই বিশেষ পোচাকযোৰ । পৰৱৰ্তী সময়ত এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হয় । আজি সেই পোচাকযোৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এইজন যুৱকে । ভৰতৰ এই সাফল্যত এতিয়া নিজৰ গাঁওখনৰ লগতে সমগ্ৰ ধিঙবাসী উৎফুল্লিত হৈছে ।
উল্লেখ্য় যে অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস দীৰ্ঘদিনীয়া । বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা অনুসৰি অতীত বৰঅসমৰ বাঁহ শিল্প বৰ উন্নতমানৰ আছিল । এই গ্ৰন্থখনৰ মতে,কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই (Bhaskarvarma)হৰ্ষবৰ্ধনলৈ (Harshavardhana) বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে প্ৰেৰণ কৰিছিল ।
এসময়ত মংগোলীয় জনজাতিৰ মাজতে বিশেষ প্ৰভুত্ব ৰাজত্ব কৰা বাঁহশিল্পই অথবা বাঁহসংস্কৃতিয়ে কালক্ৰমত আৰ্য, নিষাদ আৰু মংগোলীয় সংস্কৃতিৰ ত্ৰিবেণী সংগমত গঢ় লোৱা বিশাল অসমীয়া সংস্কৃতিকে সমৃদ্ধ কৰিছিল । তেতিয়াৰে পৰাই এই শিল্পটোৱে বিশেষ সমাদাৰ লাভ কৰি আহিছে । নৱ প্ৰজন্ময়ো এইক্ষেত্ৰত নতুন নতুন সৃষ্টি কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স