ETV Bharat / state

নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ ভাওনা সমাৰোহ

নগাঁৱত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ দশম বাৰ্ষিক ভাওনা সমাৰোহ। বৰ্ণিল শোভাযাত্ৰাৰে মুখৰিত নগাঁও চহৰ ।

author img

By

Published : Feb 12, 2021, 9:28 PM IST

bhaona samaroh
ভাওনা সমাৰোহ

নগাঁও,12 ফেব্ৰুৱাৰী : নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালীত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম বাৰ্ষিক ভাওনা সমাৰোহ । পুৱা সমাৰোহৰ সভাপতি তিলক চন্দ্ৰ মজুমদাৰে ধর্মধ্বজা উত্তোলনৰে আৰম্ভ কৰা ভাওনা সমাৰোহৰ কাৰ্য্যসূচী অনুযায়ী নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় বৰ্ণিল শোভাযাত্ৰা ।

ভাওনা সমাৰোহ

শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে ভাওনা সমাৰোহৰ কাৰ্য্যকৰী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই । গায়ন, বায়ন, ভাওনাৰ প্ৰতীকি ৰূপ, জিকিৰ, ভাগৱত পাঠ আদিৰে পৰিপূৰ্ণ এই শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

আগন্তুক 14 ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া ভাওনা সমাৰোহৰ প্ৰতিটো সন্ধিয়াতে সাতখনকৈ খোলাত সাতখন ভাওনা অনুষ্ঠিত হ’ব । জিলাখনত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহে দাঙি ধৰিছে সম্প্ৰীতিৰ এক নিদৰ্শন ।

লগতে পঢ়ক : শিৱসাগৰত পৃষ্ঠা প্ৰমুখ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.