ETV Bharat / state

ৱালেট ফিল্ম ফেষ্টিভেলত "ৰেঙণি"লৈ শ্ৰেষ্ঠ ছবিৰ বঁটা - Bhaskar jyoti Bora

ৱালেট ফিল্ম ফেষ্টিভেল(Wallet Film Festival)ত অসমীয়া ছবিলৈ সন্মান । জ্যোতিপ্ৰসাদ ভূঞা(Jyoti Prasad Bhuyan) পৰিচালিত "ৰেঙণি(Ray of hope)" নামৰ চুটি ছবিখনলৈ আগবঢ়োৱা হৈছে বৰ্ষটোৰ ভিতৰতে শ্ৰেষ্ঠ ছবিৰ বঁটা । ৱালেট ফিল্ম ফেষ্টিভেলত দেশৰ মুঠ সাতখন চুটি ছবিলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে ।

Best film award to Rengani movie
ৱালেট ফিল্ম ফেষ্টিভেলত "ৰেঙণি"লৈ শ্ৰেষ্ঠ ছবিৰ বঁটা
author img

By

Published : Sep 20, 2021, 5:19 PM IST

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: অসমৰ ছবি উদ্যোগৰ বাবে এক সু-খবৰ । মুম্বাইত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক ৱালেট ফ্লিম ফেষ্টিভেলত জিলিকিল অসমৰ পৰিচালক । জ্যোতিপ্ৰসাদ ভূঞা(Jyoti Prasad Bhuyan) পৰিচালিত ছবিয়ে লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ বঁটা । পৰিচালক তথা নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞাৰ "ৰেঙণি(Ray of hope)" নামৰ চুটি ছবিখনলৈ আগবঢ়োৱা হৈছে বৰ্ষটোৰ ভিতৰতে শ্ৰেষ্ঠ ছবিৰ বঁটা ।

ৱালেট ফ্লিম ফেষ্টিভেলত এইবাৰ দেশৰ মুঠ সাতখন চুটি ছবিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ছবিৰ বঁটা । এই শ্ৰেষ্ঠ ছবিৰ তালিকাত স্থান পাইছে "ৰেঙণি(Ray of hope)" নামৰ ছবিখনে । ইতিমধ্যে এই ছবিখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে । এই চুটি ছবিখনৰ কাহিনী আৰু প্ৰযোজনা কবি প্ৰৱন্ধকাৰ ড০ অজিত ভৰালীৰ আৰু চিনেমেট'গ্ৰাফি ভাস্কৰ জ্যোতি বৰাৰ আৰু সম্পাদনা কৰিছে সুব্ৰত দাসে ।

Best film award to Rengani movie
ৱালেট ফিল্ম ফেষ্টিভেলত "ৰেঙণি"লৈ শ্ৰেষ্ঠ ছবিৰ বঁটা

লগতে ছবিখনৰ সম্পাদনা আৰু সংগীত বিশ্ব বিদ্যুত দাসৰ । চুটি ছবিখনত অভিনয় কৰিছে ৰাজেন ফুকন, ময়ুৰী তামুলী, বৰ্ণালী দাস, ৰিদ্ধা ৰিতজ্ঞা ভৰালী, শংখধ্বনী হাজৰিকা আদিয়ে ।

বিশিষ্ট নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ দ্বাৰা পৰিচালিত এইখন দ্বিতীয়খন চুটি ছবি । কোনো যে কাৰো বিকল্প হ'ব নোৱাৰে এয়াই মূল বিষয় হিচাপে লৈ ১৩ মিনিট দৈৰ্ঘ্যৰ ছবিখন নিৰ্মাণ কৰা হৈছে । এতিয়া ছবিখনে শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ খবৰে অসমৰ ৰাইজক আনন্দিত কৰি তুলিছে ।

লগতে পঢ়ক:প্ৰকল্প স্থাপনতে ব্যস্ত নেকি ৰাজ্যৰ ক্ৰীড়া বিভাগ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.