ETV Bharat / state

Honey Bee shelter tree : ক'ত আছে মৌমাখিৰ প্ৰিয় গছজোপা ? - Bee shelter tree

৩০ খনৰো অধিক মৌচাক আছে গছজোপাত (Bee shelter tree)। প্ৰতিবছৰে মৌমাখিয়ে আশ্ৰয়স্থল হিচাপে বাছি লয় গছজোপা । ৩০-৩৫ বছৰৰ পৰা গছজোপাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আছে মৌচাক ।

Honey Bee shelter tree
৩০ খনৰো অধিক মৌচাক আছে গছজোপাত
author img

By

Published : Mar 23, 2023, 7:11 PM IST

৩০ খনৰো অধিক মৌচাক আছে গছজোপাত

কলিয়াবৰ,২৩ মাৰ্চ : মৌমাখিৰ প্ৰিয় আশ্ৰয়স্থল এজোপা বিশেষ গছ । নগাঁও জিলাৰ কলিয়াবৰত আছে এই বিশেষ গছজোপা (Bee favorite special tree in Kaliabor)। বিগত বহু বছৰ ধৰি মৌমাখিৰ প্ৰিয় এই গছজোপাত আছে ৩০খনৰো অধিক মৌ-বাহ । মৌ-বাহবোৰে আকৰ্ষণীয় কৰি তুলিছে গছজোপা ।

উল্লেখ্য যে কলিয়াবৰৰ আমবাগানত আছে এজোপা শিমলু গছ । বহু পুৰণি শিমলু জোপাত প্ৰতিবছৰে ভৰি থাকে মৌ-বাহ । প্ৰতিবছৰে অক্টোবৰ-নৱেম্বৰ মাহত মৌমাখিবোৰ এই গছজোপালৈ আহে আৰু বাহ সাজে । এই প্ৰক্ৰিয়া শেহতীয়া নহয় । বিগত বহু বছৰ ধৰি মৌমাখিবোৰ এই শিমলু জোপাক আশ্ৰয়স্থল হিচাপে লৈ আহিছে । এক নিৰ্দিষ্ট সময়ৰ বাবে গছজোপাত জিৰণি লৈ মৌমাখিবোৰ পুনৰ কোনো অজান ঠাইলৈ উৰি যায় ।

বৰ্তমানেও ৩০ খনৰো অধিক মৌবাহ আছে শিমলু জোপাত (Bee shelter tree in Kaliabor)। যাৰ বাবে আমবাগানৰ বজাৰৰ মাজত থকা এই গছজোপা এতিয়া আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । আনকি গছজোপাত থকা মৌচাকবোৰ চাবলৈ নিতৌ সমাগম হৈছে বিভিন্নজনৰ । মৌমাখিৰ গুণ-গুণ শব্দত মুখৰিত হৈ পৰিছে আমবাগান বজাৰ ।

স্থানীয় লোকসকলে জনোৱা মতে মৌমাখিবোৰে এতিয়ালৈকে কোনো লোকক ক্ষতি কৰা নাই । ইফালে গছজোপাত থকা কিছুমান মৌচাক ১ মিটাৰ পৰ্যন্ত দীঘল । অৱশ্যে স্থানীয় লোকেও কেতিয়াও মৌমাখিবোৰ খেদিবলৈ চেষ্টা কৰা নাই । নিতৌ গছজোপাৰ তলেৰে যান-বাহন আৰু সহস্ৰাধিক লোকে অহা যোৱা কৰে । কিন্তু কোনো শংকা অবিহনে গছজোপাত আশ্ৰয় লৈছে মৌমাখিবোৰে ।

একাংশ লোকে জনোৱা মতে বিগত প্ৰায় ৩০-৩৫ বছৰ ধৰি গছজোপাত এনেদৰে মৌমাখিবোৰে আশ্ৰয় লৈ আহিছে । যাৰ বাবে স্থানীয় লোকসকলৰ মাজত কৌতূহলৰো সৃষ্টি হৈছে । অৱশ্যে কোনো কাৰণত যদি শিমলু জোপা কাটি দিয়া হয় তেতিয়া এই মৌমাখিবোৰৰ কি হ'ব ? মৌমাখিবোৰৰ প্ৰিয় আশ্ৰয়স্থল হিচাপে জনাজাত এই গছজোপাৰ সংৰক্ষণৰ বাবেও বহুতে আহ্বান জনাইছে ।

লগতে পঢ়ক :Super Acceleration Erickshaws : অসম সৌৰভ ডঃ বিনয় কুমাৰ শইকীয়াৰ নৱতম আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.