ETV Bharat / state

Beauty parlour training in Kaliabar: কলিয়াবৰত বিনামূলীয়া বিউটী পাৰ্লাৰ প্ৰশিক্ষণ শিবিৰ মুকলি

কলিয়াবৰত নাবাৰ্ডৰ উদ্যোগত বিনামূলীয়া বিউটী পাৰ্লাৰ প্ৰশিক্ষণ শিবিৰ মুকলি (Beauty parlour training by NABARD in Kaliabor) । বিভিন্ন আত্মসহায়ক গোটৰ ত্ৰিছগৰাকী মহিলাই লাভ কৰিব এই প্ৰশিক্ষণৰ সুবিধা । 'হাম' নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ উদ‍্যোগত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ ।

author img

By

Published : Jan 28, 2023, 6:23 PM IST

Beauty parlour training by NABARD in Kaliabor
কলিয়াবৰত বিনামূলীয়া বিউটী পাৰ্লাৰ প্ৰশিক্ষণ শিবিৰ মুকলি

কলিয়াবৰ,২৮ জানুৱাৰী: কলিয়াবৰত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেঙ্ক চমুকৈ নাবাৰ্ডৰ (National Bank for Agri and Rural Development, NABARD) বিনামূলীয়া বিউটী পাৰ্লাৰ প্ৰশিক্ষণ শিবিৰ মুকলি (Beauty parlour training by NABARD in Kaliabor) । কলিয়াবৰৰ চাহ জনজাতি অধ্যুষিত অঞ্চল মিছাত নাবাৰ্ডে এই কাৰ্যসূচী হাতত লৈছে । বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই বিনামূলীয়া বিউটী পাৰ্লাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে নাবাৰ্ডে (Beuatician training camp ina Kaliabor) ।

উল্লেখ্য, এই প্ৰশিক্ষণ কাৰ্যসূচীত নগাঁৱৰ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে প্ৰথম পৰ্যায়ত ত্ৰিছগৰাকীকৈ মহিলাক প্ৰশিক্ষণ দিয়া হ'ব । সেই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত নাবাৰ্ডৰ বিষয়ববীয়াৰ লগতে পশ্চিম কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া আৰু আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত থাকে । 'হাম' নামৰ এক স্বেস্বাসেৱী অনুষ্ঠানৰ উদ‍্যোগত এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত হৈছে ।

উল্লেখযোগ‍্য যে দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ দেশৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (NABARD) নামৰ এটি বিত্তীয় প্রতিষ্ঠান স্থাপন কৰিছিল । এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্রাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্রকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে । এই ঋণসমূহ হ্রস্বকালীন (১৮ মাহৰ বাবে) আৰু দীর্ঘকালীন (২৫ বছৰ বাবে ) হিচাপে আগবঢ়োৱা হয় ।

সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্রামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবার্ডে ঋণ প্রদান কৰে । গ্রামীণ ঋণ সৰবৰাহৰ বাবে নাবার্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রতিনিধি হিচাপে কাম কৰে । ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেঙ্ক (নাবাৰ্ড) হৈছে ভাৰতৰ আঞ্চলিক গ্ৰাম্য বেংক আৰু শীৰ্ষ সমবায় বেংকসমূহৰ সামগ্ৰিক নিয়ন্ত্ৰণৰ বাবে এক শীৰ্ষ নিয়ামক সংস্থা । ই ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত আছে ।

বেঙ্কটোক "ভাৰতৰ গ্ৰামাঞ্চলত কৃষি আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে ঋণৰ ক্ষেত্ৰত নীতি, পৰিকল্পনা আৰু কাৰ্যকলাপ সম্পৰ্কীয় বিষয়বোৰ" অৰ্পণ কৰা হৈছে । নাবাৰ্ড বিত্তীয় অন্তৰ্ভুক্তিৰ বিকাশ আৰু ৰূপায়ণত সক্ৰিয় । শেহতীয়াকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ উন্নয়নৰ বাবে এই বেঙ্কে স্বনিয়োজনৰ ক্ষেত্ৰত বিনামূলীয়া প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ অন্তত ঋণৰ ব‍্যৱস্থাৰ বিভিন্ন আঁচনি ঘোষণা কৰিছে ।

লগতে পঢ়ক: Kamakhya Prasad Tasa in Dhing: ধিঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সাংসদ কামাখ্যা প্ৰসাদ তাচা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.