ETV Bharat / state

এজাক সৰিয়হফুলীয়া সপোন !

author img

By

Published : Dec 27, 2019, 4:19 PM IST

অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হ ডৰা দেখি প্ৰাণ পাই উঠিছে কৃষকসকলৰ জীৱন । যেন এখন ফুলাম হালধীয়া দলিচাহে । যি দলিচাক নিশাৰ পৰা পুৱালৈকে সাৱটি ধৰি থাকে এক হালধীয়া হাঁহিয়ে  ৷

এজাক সৰিয়হফুলীয়া সপোন !
এজাক সৰিয়হফুলীয়া সপোন !

বটদ্ৰৱা, 27 ডিচেম্বৰঃ শীত মানেই যে প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ ৷ কাৰণ শীতে লৈ আহে বহু সুখৰ বতৰা ৷ শীতৰ লগত আহে কৃষি-শস্য আদিৰ প্ৰাণচঞ্চল আশাৰ হাঁহি । চাৰিওফালে কুঁৱলীৰ ডাঠ আচ্ছাদনৰ মাজতে প্ৰকৃতিৰ অন্য এক বিনন্দীয়া ৰূপ ৷ নগাওঁ জিলাৰ বটদ্ৰৱা অঞ্চলত এই হালধীয়া ৰঙৰ হাঁহিয়ে মন মুহিছে সকলোৰে । স্থানীয় খেতিয়ক সকলে ব্যক্তিগত খৰচত বহু কষ্টৰে তেওঁলোকৰ পথাৰসমূহত কৰা সৰিয়হৰ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে । অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হ ডৰা দেখি প্ৰাণ পাই উঠিছে কৃষকসকলৰ জীৱন । যেন এখন ফুলাম হালধীয়া দলিচাহে । যি দলিচাক নিশাৰ পৰা পুৱালৈকে সাৱটি ধৰি থাকে এক হালধীয়া হাঁহিয়ে ৷ এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন ...

Intro:শীত মানেই যে প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ ৷শীতে লৈ আহে বহু সুখৰ বতৰা ৷কৃষি-শস্য আদিলৈকো লৈ আহে এক প্ৰাণচঞ্চল আশাৰ হাঁহি ।Body:হয় এতিয়া শীতৰ বতৰ ৷ চাৰিও ফালে কুঁৱলীৰ ডাঠ আচ্ছাদন ৷ তাৰ মাজতে প্ৰকৃতিৰ অন্য এক বিনন্দীয়া ৰূপ ৷ নগাওঁ জিলাৰ বটদ্ৰৱা অঞ্চলত এই হালধীয়া ৰঙৰ দৃশ্যৰ হাঁহিয়ে মন মুহিছে সকলোৰে । স্হানীয় খেতিয়ক সকলে ব্যক্তিগত খৰচত বহু কষ্টৰে তেওঁ লোকৰ পথাৰসমূহত কৰা সৰিয়হৰ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে । অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হ ডৰা দেখি প্ৰাণ পাই উঠিছে কৃষক সকলৰ জীৱন । কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ লহ পহ কৈ হাঁহি থকা সৰিয়হ ডৰাই যে এতিয়া পথৰ পথাচাৰীকো হাত বাউল দি মাতিছে ৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত প্ৰাণ পাই উঠিছে পথাৰখনেও । কিয়নো যেনিয়েই চোৱা যায় , সকলোতে মাথো হালধীয়া ৰঙৰ সমাহাৰ । যেন এখন ফুলাম হালধীয়া দলিচাহে । যি দলিচাক নিশাৰ পৰা পুৱালৈকে সাৱটি ধৰি থাকে এক হালধীয়া হাঁহিয়ে । এই অতুলনীয় দৃশ্য দেখি কোনোয়ে যদি মোবাইলত আৰু আন কোনোয়ে আকৌ কেমেৰাত আৱদ্ধ কৰিছে এই নৈসৰ্গীক হালধীয়া সৌন্দৰ্যক ৷___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.