ETV Bharat / state

বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Oct 19, 2019, 9:05 PM IST

এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল পঞ্চায়ত প্ৰতিনিধি ৷ তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা পোহৰলৈ আহিছে ব্যাপক অনিয়মৰ ঘটনা ৷

বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বটদ্ৰৱা,19 অক্টোবৰ: দুৰ্নীতিৰ বিৰূদ্ধে সততে শূণ্য সহনশীল বুলি দাবী কৰা বিজেপি চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগত পুনৰ সংঘটিত হৈছে এক বৃহৎ দুৰ্নীতিৰ ঘটনা ৷ অভিযোগ অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমলখি গাওঁ পঞ্চায়তত স্কুলৰ চৌহদত এম জি এনৰেগা আঁচনিৰ অধীনত মাটি পেলোৱাৰ নামত পঞ্চায়ত সভাপতি,সচিব,আৰু জুনিয়ৰ ইঞ্জিনীয়াৰে মিলি আঁচনিৰ 6,50,000 টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ আৰ টি আইৰ জৰিয়তে গাঁৱৰ ৰাইজে পোহৰলৈ আনিলে এই ভয়াৱহ দুৰ্নীতিৰ কথা আৰু ইয়াৰ পাছতে শনিবাৰে ক্ষোভিত ৰাইজৰ ৰোষত পৰিল পঞ্চায়ত সভাপতি নুৰুল্লা শ্বেখ ৷

তথ্য অনুসৰি উন্নয়ন খণ্ডটোৰ আমলখি গাওঁ পঞ্চায়তৰ জৰাজীৰ্ণ অৱস্থাত থকা দক্ষিণ চমকা এল পি স্কুলৰ পথাৰৰ মাজৰ দ' চৌহদত মাটি পেলাবৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০১৭/১৮ বৰ্ষত আবন্টন হৈছিল সৰ্বমুঠ 7 লাখ 50 হাজাৰ টকা কিন্তু তাৰে বিদ্যালয়ৰ চৌহদত মাত্ৰ 20-25 হাজাৰ টকা খৰছৰ মাটি পেলাই বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ আমলখি গাওঁ পঞ্চায়তৰ সভাপতি নুৰুল্লা শ্বেখ,সচিব চন্দন নাথ,জি আৰ এছ মফিদুল ইছলাম আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ আবুল হাছিমৰ বিৰূদ্ধে ৷ ৰাইজে অভিযুক্তসকলে ৰাইজক আভুৱা ভাৰিবলৈ বিদ্যালয়ৰ চৌহদত ৪ লাখ ৫০ হেজাৰ টকা খৰছৰ এখন ভুৱা ফলক আৰি দিয়াৰ কথাও সদৰি কৰে ৷ পাছত বিষয়টোৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত আৰ টি আইৰ জৰিয়তে প্ৰকৃত তথ্য পোহৰলৈ আহে য'ত বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱাৰ নামত গ্ৰামোন্নয়ন বিভাগে সাত লাখ পঞ্চাশ হাজাৰ টকা আবন্টন দিয়াৰ বুলি উল্লেখ আছে ৷ আৰ টি আই যোগে প্ৰকাশ পোৱা তথ্য অনুসৰি সভাপতি নুৰুল্লা শ্বেখ এণ্ড কোম্পানীয়ে ৬ লাখ ৫০ হেজাৰ টকা আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ কৰে ৷

উল্লেখযোগ্য যে,এই দুৰ্নীতিৰ বিষয়ত চমকা এল পি স্কুলৰ প্ৰধান শিক্ষক আৰু স্থানীয় ৰাইজে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত বিষয়াগৰাকীয়ে অভিযুক্ত নুৰুলা শ্বেখ আৰু তেওঁৰ সংগীসকলৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে ৷ এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা উন্নয়ন খণ্ডত সংঘটিত অবাধ দুৰ্নীতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৷ বৰ্তমান বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়িকাক বিহীত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে ৷

Intro:বটদ্ৰৱা উন্নয়ন খণ্ডত MGNREGA আচঁনিত ব্যাপক দূৰ্নীতি । কাম নকৰাকৈ আত্মসাৎ কৰিলে 6,50,000 টকা । ৰাইজৰ ৰোষত পঞ্চায়ত প্ৰতিনিধি ।
Body:বটদ্ৰৱা উন্নয়ন খণ্ডত অবাধ দুৰ্নীতি ।MGNREGA কে ধৰি চৰকাৰৰ অভিলাষী আঁচনিৰ ৰুপায়ন নামত সংঘটিত হৈ অহা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ MGNREGA ৰ কামত শ্ৰমিক নিয়োগৰ পৰিবৰ্তে চলিছে লুণ্ঠন ৰাজ । বটদ্ৰৱা উন্নয়ন খণ্ডত এতিয়া একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীয়ে মুক্ত ভাবে চলায় আহিছে লুণ্ঠন ৰাজ । এই দৃশ্য বটদ্ৰৱা উন্নয়ন খণ্ডৰ আমলখি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ চমকা এল পি স্কুলৰ । এই জৰাজীৰ্ণ বিদ্যালয় খনৰ চৌহদৰ Earth Filling ৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০১৭/১৮ বৰ্ষত আবন্টন দিছিল ৭ লাখ ৫০ হেজাৰ টকা । কিন্তু চতুৰ পঞ্চায়ত সভাপতি নুৰুল্লা শ্বেখ, সচিব চন্দন নাথ, জি আৰ এছ মফিদুল ইছলাম আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ আবুল হাছিমে মিলি ধন আত্মসাৎ কৰাৰ পাতিলে নতুন ফন্দি । গ্ৰামোন্নয়ন বিভাগে আবন্টন দিয়ে ৭ লাখ পঞ্চাছ হাজাৰ টকা । কিন্তু বিদ্যালয়ৰ চৌহদত ৰাইজক আভুৱা ভাৰি নাম ফলকত লিখিছে ৪ লাখ ৫০ হেজাৰ টকা । বিদ্যালয় চৌহদত মাত্ৰ ২০,২৫ , হেজাৰ টকাৰ মাটি পেলাই সমুদায় ধন আত্মসাৎ কৰে সভাপতি নুৰুল্লা শ্বেখে । সভাপতি নুৰুল্লা শ্বেখে পঞ্চায়ত সচিব আৰু ইঞ্জিনীয়াৰৰ লগত মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । আৰ টি আইৰ যোগে পোৱা তথ্য মতে ৬ লাখ ৫০ হেজাৰ টকা ইতিমধ্যে উঠায় আত্মসাৎ কৰিছে৷ এই তথ্য পোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । আনকি ৰাইজৰ ৰোষতো পৰিছে সভাপতি নুৰুলা শ্বেখ । এই দূৰ্নীতি সন্দৰ্ভত স্হানীয় ৰাইজ আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক লিখিত অভিযোগ দাখিলো কৰিছে । কিন্তু এক ৰহস্য জনক কাৰণত বিষয়া গৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত স্থানীয় ৰাইজৰ সন্দেহ উপজিছে । শাসনাধিষ্ঠি চৰকাৰ খনে সততে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰি দূৰ্নীতি মুক্তৰ কথা কৈ থকা চৰকাৰৰ এই সকল জনপ্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব ? বিভাগীয় কৰ্তৃপক্ষই বটদ্ৰৱা উন্নয়ন খণ্ডত সংঘটিত অবাধ দুৰ্নীতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্রহণ কৰিবনে ? নে চৰকাৰী অভিলাষী আঁচনিৰ বৃহৎ ধনৰ শৰাধ জনপ্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীয়ে চলাই যাব দিব৷স্থানীয় বিধায়িকাক বিহীত ব্যৱস্থা ল’বলৈ ৰাইজে জনাইছে অনুৰোধ ৷__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.