ETV Bharat / state

বটদ্ৰৱাই বাৰুকৈয়ে টানিছে ৰকিবুল-প্ৰদ্যুতক - গুৰুজনাৰ জন্মস্থান দৰ্শন

সাংসদ প্ৰদ্যুৎ বৰদলৈ যদি ডালে ডালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পাতে পাতে,দুয়োৰে মাজত অব্যাহত শীতল যুদ্ধ ৷ বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন দলে বলে বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতেই শুকুৰবাৰে স-পৰিয়ালে বটদ্ৰৱাত উপস্থিত হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ।

batadrava  visit mp pradyut bordoloi
বটদ্ৰৱাত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ
author img

By

Published : Jul 3, 2020, 8:24 PM IST

বটদ্ৰৱা,3জুলাই : প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী তথা বৰ্তমানৰ চামুগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মাজত অব্যাহত আছে শীতল যুদ্ধ । সাংসদ প্ৰদ্যুৎ বৰদলৈ যদি ডালে ডালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পাতে পাতে তেনে দৃশ্যই দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত। বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন দলে বলে বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতেই শুকুৰবাৰে স-পৰিয়ালে বটদ্ৰৱাত উপস্থিত হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদেশ কংগ্ৰেছৰ এই দুই নেতাৰ মাজত চলি থকা সংঘাত স্পষ্ট ৰূপত দেখা গ‘ল বটদ্ৰৱাত।

batadrava  visit mp pradyut bordoloi
বটদ্ৰৱাত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

ক্ষমতাৰ লালসাত অসম প্ৰদেশ কংগ্ৰেছ বিভক্ত। সংবাদ মাধ্যমত চৰ্চা লাভ কৰা কংগ্ৰেছৰ দুই মহাপ্রতাপী নেতা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংঘাতৰ স্পষ্ট ছবি দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গুৰুজনাৰ জন্মস্থান দৰ্শন কৰিবলৈ আহিব বুলি দলীয় নেতা কৰ্মীক তিনিদিন পূৰ্বে অৱগত কৰিছিল। এই কথা জানিব পাৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সদল বলে বৃহস্পতিবাৰে বটদ্ৰৱাত সন্ধিয়া উপস্থিত হয়।

বটদ্ৰৱাত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

বটদ্ৰৱাত হ‘ম কোৱাৰেণ্টাইনত থকা কিছু লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। শুকুৰবাৰে প্ৰদ্যুৎ বৰদলৈয়ে সপৰিয়ালে বটদ্ৰৱা থানত উপস্থিত হৈ শৰাই আগবঢ়াই গুৰুজনাৰ আৰ্শীষ লয় । এই কথা যেন ৰকিবুল হুছেইনে সহজভাৱে ল'ব পৰা নাই। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে বিয়লি পুনৰ বটদ্ৰৱালৈ আহি হ‘ম কোৱাৰেণ্টাইনত থকা লোকক ঔষধ বিতৰণ কৰিব বুলি দলীয় নেতা কৰ্মীক অবগত কৰে। সাংসদ প্ৰদ্যুত বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মাজত চলি থকা শীতল যুদ্ধই দলীয় নেতা কৰ্মীৰ মাজত বেছ আমোদৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক সামাজিক দূৰত্বক আওকাণ : শ্বেখ মুফতি মহম্মদ খাইৰুলৰ জানাজাত উপস্থিক সহস্ৰাধিক লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.