ETV Bharat / state

75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান - গুৰুজনাৰ জন্মস্থান

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লক্​ ডাউনৰ পৰিপ্ৰেক্ষিতত তীৰ্থযাত্রী তথা পৰ্যটকৰ বাবে ২৪ মাৰ্চৰ পৰা বটদ্রৱা থানৰ প্ৰৱেশ দ্বাৰৰ গেটসমূহ বন্ধ কৰি দিয়া হৈছিল । ৭৫ দিনৰ অন্তত চৰকাৰে নীতি নিৰ্দেশনাৰ মাজেৰে আনলক্ ঘোষণা কৰা পাছত সোমবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও চৰকাৰী নিৰ্দেশনা মতে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণকৱৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ মুকলি কৰে ।

BATADRAVA THAN
75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল বটদ্ৰৱা থান
author img

By

Published : Jun 8, 2020, 1:29 PM IST

বটদ্ৰৱা, 8 জুন : ৭৫ দিনৰ অন্তত সোমবাৰৰ পৰা ভক্ত বৈষ্ণৱৰ বাবে মুকলি কৰা হ'ল বটদ্ৰৱা থান ৷ হাতত চেনিটাইজাৰ আৰু মুখত মাস্ক পৰিধান কৰি গুৰুজনাৰ জন্মস্থানলৈ আজিৰে পৰা আগমন ঘটিল ভকত বৈষ্ণৱৰ । সামাজিক দূৰত্ব বজাই ৰাখি হৰি নামৰ অমল ধ্বনিত মুখৰিত হ'ল বটদ্ৰৱা থান ।

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লক্​ ডাউনৰ পৰিপেক্ষিতত তীৰ্থযাত্রী তথা পৰ্যটকৰ বাবে ২৪ মাৰ্চৰ পৰা বটদ্রৱা থানৰ প্ৰৱেশ দ্বাৰৰ গেটসমূহ বন্ধ কৰি দিয়া হৈছিল । ৭৫ দিনৰ অন্তত চৰকাৰে নীতি নিৰ্দেশনাৰ মাজেৰে আনলক ঘোষণা কৰা পাছত সোমবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও চৰকাৰী নিৰ্দেশনা মতে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ মুকলি কৰে ।

75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান

লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী

75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল বটদ্ৰৱা আকাশ-বতাহ ৷ আজি উৎফুল্লিত হৈ পৰিছে ভকত বৈষ্ণৱৰ লগতে তীৰ্থযাত্ৰীসকল । বটদ্ৰৱা থানৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সকলো ভকত বৈষ্ণৱক চৰকাৰী নিৰ্দেশনা পালন কৰি নিয়ম শৃংখলা বজাই ৰাখি বটদ্ৰৱা থানলৈ আহিবলৈ আহ্বান জনাইছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.