ETV Bharat / state

বটদ্ৰৱাৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ বিয়োগ

বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তই । মংগলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

author img

By

Published : Jan 15, 2020, 5:25 PM IST

বটদ্ৰৱা
সত্ৰাধিকাৰৰ বিয়োগ

বটদ্ৰৱা,15 জানুৱাৰীঃ ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তই । ১৯২৫ চনত বটদ্ৰৱা থানৰ পাটশিলাৰ কাষতে থকা এটি কুটীৰত জন্মগ্ৰহণ কৰা পৰমানন্দ দেৱ মহন্তই চিৰকৌমাৰ্য ব্ৰত গ্ৰহণ কৰি, আজীৱন গুৰুসেৱাত ব্ৰতী হৈ একশৰণ নামধৰ্মৰ প্ৰচাৰতে উৎসৰ্গা কৰে জীৱন । মংগলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

বটদ্ৰৱা
সদ্য প্ৰয়াত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

সত্ৰাধিকাৰগৰাকীৰ পিতৃ প্ৰয়াত যোগেশ্বৰ দেৱ মহন্ত আৰু মাতৃ বিদ্যাকান্তি দেৱী ৷ পৰৱৰ্তী সময়ত বটদ্ৰৱাৰ হাটীবহাত থাকি গুৰুসেৱাত নিৰন্তৰ বিভিন্ন লোকক একশৰণ নাম ধৰ্মত দীক্ষিত কৰি শৰণ ভজন কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে ৷

সত্ৰাধিকাৰৰ বিয়োগ

সত্ৰাধিকাৰজনৰ মৃত্যুত সমগ্ৰ বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে । মংগলবাৰে নিশা সত্ৰৰ ভকত-বৈষ্ণৱে উৰুকাৰ ভোজ ত্যাগ কৰি সত্ৰাধিকাৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ লগতে গায়ন-বায়নে কল্যাণ খৰমান গীত গাই বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত নি শেষকৃত্য সম্পন্ন কৰে ।

লগতে চাওকঃকলিয়াবৰত সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ

Intro:বটদ্ৰৱা শলগুৰি সত্ৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা সত্ৰাধিকাৰ পৰমানন্দ দেৱমহন্তৰ বিয়োগ । তেখেতৰ মৃত্যুত সত্ৰৰ ভকত বৈষ্ণৱে উৰুকাৰ ভোজ কৰিলে ত্যাগ । Body:ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশাই বটদ্ৰৱাবাসীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ললে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকা পৰমানন্দ দেৱমহন্তই। ১৯২৫ চনত জন্মগ্ৰহণ কৰা পৰমানন্দ দেৱমহন্তই চিৰকৌমাৰ্য ব্ৰত গ্ৰহন কৰি, আজীৱন গুৰুসেৱাত ব্ৰতী হৈ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰতেই উৎসৰ্গা কৰিলে জীৱন। মংগলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা হেজাৰ হেজাৰ শিষ্য পশিষ্যক এৰি থৈ স্বৰ্গগামী হোৱাত সমগ্ৰ বটদ্ৰৱাৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। মংগলবাৰে নিশা বটদ্ৰৱা শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱে উৰুকাৰ ভোজ ত্যাগ কৰি তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গায়ন বায়নে কল্যাণ খৰমান গীত গাই বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ তীৰত নি শেষকৃত্য সম্পন্ন কৰে। _________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.