ETV Bharat / state

বটদ্ৰৱাৰ মহেন্দ্র কন্দলি সংস্কৃত টোলঃ চাৰিগৰাকী শিক্ষকৰ বিৰুদ্ধে শূন্য শিক্ষাৰ্থী

বন্ধ হোৱাৰ দিশে গতি কৰিছে বটদ্ৰৱাৰ মহেন্দ্র কন্দলি সংস্কৃত টোল ৷ ৫১০ শঙ্কৰাব্দত স্থাপন কৰা এই সংস্কৃত টোলখনত চাৰিজননকৈ শিক্ষক থকাৰ বিপৰীতে নাই এজনো ছাত্ৰ-ছাত্ৰী ৷

author img

By

Published : Feb 14, 2020, 12:03 PM IST

মহেন্দ্র কন্দলি সংস্কৃত টোল
মহেন্দ্র কন্দলি সংস্কৃত টোল

বটদ্ৰৱা, 14 ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদিপাঠ গ্ৰহন কৰা মহেন্দ্ৰ কন্দলি টোলখনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বটদ্ৰৱাত স্থাপন কৰা হৈছিল মহেন্দ্র কন্দলি সংস্কৃত টোল ৷ ৫১০ শঙ্কৰাব্দত স্থাপন কৰা এই সংস্কৃতটোল খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যাপ্ত আছিল যদিও, এতিয়া হ্ৰাস পাই শূন্যত পৰিণত হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ চাৰিজনকৈ শিক্ষক থকাৰ বিপৰীতে নাই এজনো ছাত্ৰ-ছাত্ৰী ৷

উল্লেখ্য যে, বটদ্ৰৱা মহেন্দ্ৰ কন্দলি সংস্কৃত টোল খনৰ প্ৰৰ্যাপ্ত আন্তঃগাঁথনি থকাৰ লগতে আছে দহ বিঘাকৈ ভূমি ৷ কিন্তু এতিয়া সংকটৰ দিশে গতি কৰা সংস্কৃত টোলখনক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷ এতিয়া প্ৰশ্ন হৈছে শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শর্মাই মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত সচাঁকৈ যুক্তি সংগত নেকি ?

বন্ধ হোৱাৰ দিশে গতি কৰিছে বটদ্ৰৱাৰ মহেন্দ্র কন্দলি সংস্কৃত টোল

ইফালে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে । কিয়নো সংস্কৃত ভাষা হৈছে আদিভাষা আৰু সংস্কৃত ভাষাৰ পৰাই অন্য ভাষা সমূহ সৃষ্টি হৈছে । সেইয়ে সংস্কৃত ভাষাটো জীয়াই ৰাখিবলৈ সংস্কৃত টোল সমূহ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি দাৱী জনাইছে সত্ৰাধিকাৰগৰাকীয়ে ।

লগতে পঢ়কঃ চিকিৎসালয়ত ভৰ্তি অসম বিশ্ববিদ্যালয়ৰ অনশনৰত ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.