বটদ্ৰৱা, 23 অক্টোবৰঃ বটদ্ৰৱাৰ এটি প্ৰতিভাৱান কণমানি ৷ আৰ্থিক দৈন্যতাৰ মাজতো কণমানিটোৱে অবিৰতভাৱে চলাই গৈছে সংগীত সাধনা ৷ বটদ্ৰৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ এই কণমানিটোৰ নাম কুলজিত বৰদলৈ ৷ কুলজিতৰ সুমধুৰ কণ্ঠই হৃদয় জিনিবলৈ সক্ষম হৈছে বিভিন্নজনৰ ৷ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁ-খজোৱা নিবাসী গহীন বৰদলৈ আৰু সোণালী বৰদলৈৰ সন্তান কুলজিতে নিৰবিচ্ছিন্নভাৱে সংগীত চৰ্চাৰে বিভিন্ন পৰ্যায়ত সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে । নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন মঞ্চত ভূপেন্দ্ৰ সংগীত,জ্যোতি সংগীত,ৰাভা সংগীত, আধুনিক গীত পৰিৱেশন কৰি ৰাইজৰ মনপ্ৰাণ জয় কৰাৰ লগতে সন্মান বুটলিবলৈ সক্ষম হৈছে কুলজিতে ।
গাঁ খজুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ কুলজিতৰ পিতৃৰ আছে এখন চাইকেল মেৰামতি কৰা দোকান। ভৱিষ্যতে এগৰাকী সফল কন্ঠশিল্পী হোৱাৰ সপোন পুহি ৰখা কুলজিতৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাই থিয় দিছে হেঙাৰৰূপে। সেয়ে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা তথা বিভিন্ন দল-সংগঠন,ব্যক্তিবিশেষৰ পৰা সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। কুলজিতক কোনো সহৃদয়ৱান লোকে সহায় কৰিব বিচাৰিলে ফোনযোগে 9101292669 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে কুলজিতৰ পিতৃ-মাতৃয়ে ৷
লগতে পঢ়কঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জিলিকিছে অসমীয়া চুটি ছবি