বটদ্ৰৱা, ১২ মে': কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ পৰা যথোপযুক্ত প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে । ৰাজ্যবাসীক কৰ'ণা মুক্ত কৰি ৰাখিবৰ বাবেই ইতিমধ্যে বহু কেইটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলেও দিনে নিশাই ব্যস্ত হৈ পৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ।
শেহতীয়াকৈ চৰকাৰী চিকিৎসক, পেৰামেডিকেল কৰ্মী (SW, MPW), নাৰ্ছ, আশা কৰ্মী সকলে নিজ নিজ ক্ষেত্ৰৰ গাঁও সমূহলৈ গৈ অব্যাহত ৰাখিছে স্বাস্থ্য পৰীক্ষা । বটদ্ৰৱাৰ বিভিন্ন অঞ্চল সমূহত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কৰ'ণা ভাইৰাছৰ সজাগতা সৃষ্টি কৰা ।
দেশৰ এই জটিল সন্ধিক্ষণত কৰ'ণাৰ লগতে জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া, ডেংগি আদি বাহক জনিত ৰোগৰো সক্ৰমণ ৰোধৰ বাবে সমানে কাৰ্যসূচী থকা হৈছে । স্বাস্থ্য বিভাগৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে ।