ETV Bharat / state

বটদ্ৰৱাত দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত,পৰিয়ালৰ সহায় ভিক্ষা

author img

By

Published : Jun 21, 2019, 2:23 PM IST

নিয়তিৰ নিষ্ঠুৰ পৰিহাসত পৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰা একে ঘৰৰ দুগৰাকীকৈ যুৱকৰ কৰুণ বাস্তৱ কাহিনী। অসহায় পিতৃ-মাতৃ । পৰিয়ালৰ সহায় ভিক্ষা ৷

বটদ্ৰৱাত দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত, পৰিয়ালৰ সহায় ভিক্ষা

বটদ্ৰৱা,21জুনঃ বটদ্ৰৱাৰ ভেটিয়নী গাঁৱৰ দুই যুৱকৰ কৰুণ কাহিনী। বিগত চাৰি-পাচ বছৰ ধৰি একে ঘৰৰে অৰূপ বৰা আৰু দেৱজিৎ বৰা হৈ পৰিছে অচল। কিয়নো দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত। শৰীৰৰ যিকোনো অংশ হাত-ভৰি বিকল হৈ যোৱা ফলত যুৱক দুজনে ভালদৰে খোজকাঢ়িব নোৱাৰে। জীয়াই থকাৰ অদম্য আশা মনত পুহি ৰখা যুৱক দুজনৰ এতিয়া ঘৰৰ ভিতৰতে একমাত্ৰ বিছনাখনক সংগী কৰি দিন কটাবলগীয়া হৈছে। পিতৃ দেৱেন বৰা আৰু মাতৃ যোগমাই বৰাৰ দুই পুত্ৰৰ এতিয়া সৰ্বশৰীৰ, হাত-ভৰি অচল হৈ পৰাত চিন্তাত ভাগি পৰিছে পৰিয়ালটো। অভাৱৰ মাজতো জীয়াই থাকিব বিচাৰে এই দুই যুৱকে । এতিয়া দুই পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে বৰ্তমান চৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰিছে। দুৰ্ভগীয়া পৰিয়ালটোক কোনো সদাশয় ব্যক্তি অথবা প্ৰতিষ্ঠানে ষ্টেট বেংকৰ 7237029043901 একাউন্ট নম্বৰত সহায় আগবঢ়াব পাৰিব।

Intro:নিয়তিৰ নিষ্ঠুৰ খেলাত পৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰা একে ঘৰৰ দুগৰাকীকৈ যুৱকৰ কৰুণ বাস্তৱ কাহিনী।অসহায় পিতৃ মাতৃ।Body:এক কৰুণ বাস্তৱ ।যি বাস্তৱক দেখিলে আপোনাৰ চকুৱেদি হয়তো নিগৰিব চকু পানী।হয় আমি দেখুৱাব বিচাৰিছো বটদ্ৰবাৰ ভেটিয়নী গাঁৱৰ দুই যুৱকৰ কৰুণ বাস্তৱ কাহিনী। এই যুৱক দুজন ক্ৰমে অৰূপ বৰা আৰু দেৱজিৎ বৰা ।বিগত চাৰি পাচ বছৰ ধৰি যুৱক দুজন হৈ পৰিছে অচল ।কিয়নো এই দুই যুৱক দুৰাৰোগ্য ৰোগত আক্রান্ত । শৰীৰৰ যিকোনো অংশ হাত ভৰি বিকল হৈ যোৱা ফলত যুবক দুজনে নিজে ভালদৰে খোজকাঢ়িব নোৱাৰে । জীয়াই থকা অদৰ্ম্য আশা মনত পুহি ৰখা যুৱক দুজনৰ এতিয়া ঘৰৰ ভিতৰতে একমাত্ৰ বিছনাখনক সংগী কৰি দিন কটাবলগীয়া হৈছে। পঢ়ি শুনি ডাঙৰ মানুহ হ'ব খোজা এই দুই যুৱকৰ ঘৰ নগাওঁ জিলা বটদ্ৰৱাৰ ভেটিয়নী গাঁৱত। একে ঘৰৰ কাকাই ভাই এই যুৱক দুজন । পিতৃ দেৱেন বৰা আৰু মাতৃ যোগমাই বৰাৰ দুই পুত্ৰৰ এতিয়া সৰ্ব শৰীৰ,হাত ভৰি অচল হৈ পৰাত চিন্তাত ভাগি পৰিছে পৰিয়ালটো । দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই আছিল যদিও কষ্টৰ মাজেৰেই পঢ়া শুনা কৰিছিল বৰ পুত্ৰ অৰূপ আৰু দেৱজিৎতে । দুয়ো পঢ়ি শুনি ডাঙৰ মানুহ হব খোজে । পিতৃ- মাতৃৰ সপোন পূৰণ কৰিবলৈ । কিন্তু নিয়তিৰ নিষ্টুৰ খেলাত কনো মতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এই দৰিদ্ৰ পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা । প্ৰথমে শিশু অৱস্হাত হাঁহি ধেমালি কৰি খেলা ধূলা কৰা অৰূপেৰ থিকেই আছিল
উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছতে প্ৰথম অবস্থাত শৰীৰ সিৰা বোৰৰ বিখ বেমাৰত আক্রান্ত হৈছিল । সেইয়াই যে কাল হল অৰূপৰ । পিছত ক্ৰমান্বয়ে সৰ্ব শৰীৰ লৰ চৰ কৰিব নোৱাৰা হৈ অচল হৈ পৰে। পৰিয়ালৰ লোকে গুৱাহটী তেজপুৰত চিকিৎসা কৰিছিল যদিও নাপালে সুফল । কিন্ত অলপ দিনৰ পিছত আকৌ একে লক্ষণন বেমাৰত আক্রান্ত হল ষস্তম মানত অধ্যয়ন কৰা একে ঘৰ খনৰ অৰূপৰ ভায়েক দেৱজিৎ । সিয়ো নিজৰ ইচ্ছামতে নোৱাৰে উঠিব বহিব । একে ঘৰতে দুই যুৱকক লৈ পিতৃ মাতৃ মূৰত সৰগ ভাগি পৰে ।যুৱক জনৰ এই ঘটনা শুনি গাঁৱৰ ডেকা গাভৰু পৰা কণমানি লৈকে মৰ্মাহত হৈ পৰিছে । অভাৱৰ মাজতো জীয়াই থাকিব বিছাৰে এই দুই যুৱকে । তাৰো মন যায় লগৰীয়া লগত খেলিবলৈ , স্কুল যাবলৈ কিন্ত এই ক্ষেত্ৰত এই দূৰ্ভগীয়া পৰিয়ালটোক প্ৰয়োজন একাজলি মৰমৰ সহায়ৰ। এই দুই যুৱকক চিকিৎসা বাবে গাঁৱৰ হৃদয়বান লোকে কম বেছি পৰিমাণে সহায় কৰিছে যদিও সেই সহায়ে উন্নত মানৰ চিকিৎসা কৰিব নোৱাৰি । পৃতি মাতৃয়ে বৰ্তমান চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী,আৰু বিভিন্ন দল সংগঠনৰ লগতে হৃদয়বান লোকৰ সহায় বিছাৰিছে দুই পুত্ৰৰ চিকিৎসা সেৱাৰ বাবে । আপুনিও যদি এই অসহায় পৰিয়ালটোক অকণমান সহায়ৰ হাত আগবঢ়াই তেন্তে উপকৃত হব এই পৰিয়ালতো । অাহক অামি সকলোৱে এই দুৰ্ভগীয়া পৰিয়ালটিৰ ছাত্ৰ জনৰ চিকিৎসাৰ বাবে সহায়ৰ হাত অাগবঢ়াও । দুৰ্ভগীয়া পৰিয়ালটোক কোনো সদাশয় ব্যক্তি অথবা প্ৰতিষ্ঠানে ষ্টেট বেংকৰ 7237029043901
একাউন্ট নম্বৰত সহায় আগবঢ়াব পাৰিব।- 6003390586 এই নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰিব । উল্লেখ্য যে ৰাজ্যত শাৰীৰিক ভাবে অক্ষম লোকসকলক সহায় কৰিবৰ বাবে সমাজ কল্যাণ বিভাগ নামৰ এটা বিয়াগোম বিভাগ আছে যদিও কোনোধৰণৰ সহায় লাভ কৰা নাই পৰিয়ালটোৱে।আনকি ৰোগকান্ত ছাত্ৰজনৰ সন্দৰ্ভত স্হানীয় ৰাইজে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাকো ছাত্ৰজনৰ সম্পৰ্কে অৱগত কৰিছে যদিও বিধায়িকা গৰাকীৰ তৰফৰ পৰা কোনো সহায়ৰ হাত আগনবঢ়োৱা লগতে এটা খবৰো লোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোক। দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে স্হানীয় ৰাইজে বৰ্তমান বিধায়িকা আঙুৰলতা ডেকাৰ সহায় আশা কৰিছে ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.